![]()
বিগ বছ ১৩’ খ্যাত শ্বেহনাজ গিলে প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত তাইৰ অত্যন্ত বল্ড ফটো শ্বেয়াৰ কৰিছে, যিয়ে শেহতীয়াকৈ ইণ্টাৰনেটত এক আলোড়নৰ সৃষ্টি কৰিছে। শ্বেহনাজক আগতে কেতিয়াও এনেদৰে দেখা নাছিল তেওঁৰ অনুৰাগীয়ে।
ভাইৰেল হৈ থকা এই ফটোবোৰত, শ্বেহনাজ গিলে পুলত বিকিনি পিন্ধি ফটোৰ বাবে প’জ দি আছে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ এক দীঘলীয়া তালিকা আছে, যিসকলে এই ফটোবোৰ দেখি অধিক উৎসাহিত হৈ পৰিছে।
শ্বেহনাজ গিলে তেওঁৰ শেহতীয়া পোষ্টটোত তিনিখনকৈ ফটো শ্বেয়াৰ কৰিছে যদিও ফটোসমূহত এয়া স্পষ্ট নহয় যে তেওঁ বিকিনি পিন্ধিছে নে নাই, কিন্তু চেহেৰাটো আশ্চৰ্যজনক। ছবিবোৰ শ্বেয়াৰ কৰি, শ্বেহনাজে ইয়াৰ সৈতে ‘চামাৰ ভাইবছ’ বুলি কেপছন লিখিছিল।

অভিনেত্ৰী তথা সংগীতশিল্পী গৰাকীৰ এই ফটো সমূহত যথেষ্ট সংখ্যক অনুৰাগীয়ে কমেণ্ট কৰিছে। কোনোবাই য’ত তেওঁক বলীউডৰ বতাহ লগা বুলি কৈছে, আনহাতে আন কোনোবাই পূৰ্বতকৈ বেছি ধুনীয়া হৈ পৰা বুলি মন্তব্য কৰিছে।
কিন্তু এনেক্ষেত্ৰত আন যিসকলে শেহনাজক দেখাৰ লগে লগে সিদ্ধাৰ্থ শুক্লাৰ স্মৃতি ৰোমন্থন কৰে, তেনে এজন ব্যৱহাৰকাৰীয়ে কমেণ্ট কৰি সুধিছে যে, “আপুনি সিদ্ধাৰ্থ শুক্লাক পাহৰি গৈছে নেকি?”













