পাঞ্জাৱী গায়ক আৰু ৰেপাৰ সিদ্ধু মোচেৱালাৰ হত্যাৰ পিছত বলীউডৰ চুলতান ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মুম্বাই আৰক্ষীৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে।
সংবাদ সংস্থা আইএএনএছৰ এক প্ৰতিবেদন অনুসৰি, মুম্বাই আৰক্ষীয়ে ৰাজস্থানত শ্বটিঙৰ কামত ব্যস্ত থকা অভিনেতা গৰাকীক লৰেন্স বিষ্ণোৰ দলটোৰ কাৰ্যকলাপৰ পৰা সুৰক্ষিত ৰাখিবলৈ তেওঁৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে।
বহুতো সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে সিদ্ধু মোচেৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত লৰেন্স বিষ্ণোই ২০১৮ চনত ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল। কিয়নো, চলমান খান “হাম সাথ সাথ হে” ৰ শ্বুটিঙৰ সময়ত, কলা হৰিণক হত্যা কৰিছিল আৰু সেইবাবেই বিষ্ণোই হৰিণৰ চোৰাং চিকাৰৰ গোচৰত অভিনেতা গৰাকীক হত্যা কৰাৰ ভাবুকি দিছিল। উল্লেখ্য যে, লৰেন্স বিষ্ণোই এনে এক সম্প্ৰদায়ৰ পৰা আহিছে, য’ত কলা হৰিণক পবিত্ৰ বুলি গণ্য কৰে।
প্ৰতিবেদন অনুসৰি, ২০২০ চনত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিষ্ণোইৰ এজন ঘনিষ্ঠ সহায়ক আৰু সহযোগী ৰাহুল ওৰফে চুন্নীয়ে স্বীকাৰ কৰিছিল যে তেওঁ চলমান খানক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল আৰু তেওঁৰ হত্যাৰ পৰিকল্পনা কৰিবলৈ মুম্বাইত উপস্থিত হৈছিল।
বৰ্তমান সময়ত ছলমান খান তেওঁৰ আহিবলগীয়া ছবি “কভি ঈদ কভি দিৱালী” ৰ বাবে বাতৰিত আছে। প্ৰতিদিনে এই ছবিখনৰ বিষয়ে এটাকৈ আপডেট থাকে। শেহতীয়াকৈ খবৰ পোৱা গৈছিল যে অভিনেতাজনে মুম্বাইত শ্বেহনাজ গিলৰ সৈতে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে আৰু তেওঁ হায়দৰাবাদকে ধৰি উত্তৰ ভাৰতৰ বহু ঠাইত দৃশ্যগ্ৰহণ কৰিব।