![]()
নতুন ইনিংছ আৰম্ভ হ’ল অভিনেত্রী অনুষ্কা শর্মাৰ। ভাৰতীয় মহিলা ফাষ্ট বলাৰৰ বায়’পিক ‘চাকদা এক্সপ্রেছ’ৰ জৰিয়তে সুদীর্ঘ ৪ বছৰ পিছতে পর্দালৈ উভতিছে অভিনেত্রীগৰাকী। ইমান দিনে পর্দাৰ ঝুলন গোস্বামী হোৱাৰ বাবে নিজে শাৰীৰিক অনুশীলন কৰি আছিল।
বিভিন্ন সময়ত অনুষ্কাৰ ক্রিকেট অনুশীলনৰ ছবি, ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। সদ্যহতে শেষ হৈছে ছবিখনৰ প্রস্তুতি পর্ব। এইবাৰ পাল অভিনয়ৰ। কন্যা সন্তান ভামিকাৰ জন্মৰ পিছত প্রথমবাৰ শ্বুটিং ফ্লোৰত ভৰি ৰাখিলে অনুষ্কা শর্মাই।
সূত্রৰ খবৰ মতে, আজিৰে পৰাই আৰম্ভ হৈছে ‘চাকদা এক্সপ্রেছ’ৰ শ্বুটিং। ছচিয়েল মিডিয়াত এই বিষয়ত অভিনেত্রীগৰাকীয়ে কোনো ঘোষণা নকৰিলেও, দলৰ এগৰাকী সদস্যই মুম্বাইৰ এক সংবাদ মাধ্যমক এই খবৰটো জনাইছে।
সূত্রৰ খবৰ মতে, ছবিখনৰ শ্বুটিং হ’ব বিশ্বৰ ৪টা শীর্ষস্থানীয় ষ্টেডিয়ামত। ভাৰত আৰু ইংলেণ্ডত হ’ব ছবিৰ শ্বুটিং। একেৰাহে ৩০ দিন ইংলেণ্ডত চলিব শ্বুটিং। তাৰ পৰা উভতাৰ পিছত ভাৰততো বহু দিন ছবিখনৰ শ্বুটিঙত ব্যস্ত থাকিব অভিনেত্রীগৰাকী।













