আমলখিত আছে বিশেষ গুণাগুণ। সেই কাৰণেই মানুহে নিঃসন্দেহে আমলখি খায়। কিন্তু এই আমলখি সকলোৰে বাবে উপকাৰী নে? জানিবলৈ চাওক এই প্ৰতিবেদন :
গর্ভৱতী মহিলা বা সদ্য সন্তান প্রসৱ কৰা মহিলাসকলে আমলখিৰ পৰা দূৰত থকা উচিত। অৱশ্যে খাব বিচাৰিলে চিকিৎসকৰ পৰামর্শ অৱশ্যেই ল’ব।কার্ডিয়াক সমস্যা, হার্টৰ সমস্যাত ভোগা ব্যক্তিসকলে আমলখি নোখোৱাই শ্ৰেয়।
আমলখি খালে বহুতৰে এলার্জিৰ সমস্যাই দেখা দিব পাৰে। সেয়ে আমলখি খোৱাৰ আগতে জানি ল’ব এলার্জিৰ কোনো সমস্যা আছে নেকি। শৰীৰৰ ফালেও খেয়াল ৰখা উচিত। কাৰণ হজমত সহায় কৰিলেও আমলখি কিন্তু যদি বেছি মাত্রাযত খোৱা যায় তেনেহ’লে অন্যান্য সমস্যাইও দেখা দিব পাৰে।
আমলখি বেছিকৈ খালে পেটৰ সমস্যাও হ’ব পাৰে, বিশেষকৈ ডায়েৰিয়া আৰু পাকস্থলীৰ সমস্যা।
আমলখি খালে শৰীৰৰ তাপমাত্রা বহুখিনি কমি যায়। যাৰ বাবে শীতকালত এৰাই চলাই ভাল। চর্দি-কাহত ভুগিলে আমলখিৰ পৰা দূৰত থাকক।