অভিনেতা আয়ুষ্মান খুৰানাক অতিশীঘ্ৰে ‘অনেক’ ছবিখনত দেখিবলৈ পোৱা যাব। তেওঁৰ ছবিখনে ভাৰতত বিয়পি পৰা ভাষা বিতৰ্কৰ ওপৰতো আলোকপাত কৰিছে। ছবিখনৰ প্ৰচাৰত ব্যস্ত থকা আয়ুষ্মানে এক সাক্ষাৎকাৰযোগে বিষয়টোৰ ওপৰত মন্তব্য কৰে আৰু হিন্দীক লৈ শেহতীয়া বিতৰ্কৰ ওপৰত তেওঁৰ মতামত প্ৰকাশ কৰে।
সংবাদ সংস্থা এএনআইক দিয়া সাক্ষাৎকাৰৰ সময়ত আয়ুষ্মান খুৰানাই লোকসকলক ভাৰতৰ সকলো ভাষা সম্পূৰ্ণ সন্মানৰ সৈতে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
কথোপকথনত, অভিনেতাজনে চলিত হিন্দী ভাষাৰ বিতৰ্কক ৰাষ্ট্ৰীয় বিতৰ্ক হিচাবে জোখাৰ লগতে কয় যে, “আমি সঁচাকৈয়ে এটা নিৰ্দ্দিষ্ট ভাষাক আগত ৰাখিব নোৱাৰোঁ… ভাৰত সেই দেশ নহয় (কেৱল এটা ভাষাক আগত ৰাখিবলৈ)। আমাৰ বহুতো ভাষা, বহুতো ধৰ্ম, অঞ্চল, সম্প্ৰদায় আৰু জাতি আছে। প্ৰতিটো ভাষাই সমানে গুৰুত্বপূৰ্ণ। আমি আমাৰ দেশৰ প্ৰতিটো ভাষাক সমান গুৰুত্ব দিব বিচাৰো।”
অভিনেতা আয়ুষ্মান খুৰানাৰ মতে, বিভিন্ন ভাষা নিৰ্বিশেষে হৃদয় এক হ’ব লাগে। আয়ুষ্মানে আৰু দৃঢ়তাৰে কয় যে, “বহুতো ভাষা থাকিলেও, হৃদয় এক হ’ব লাগে। আয়ুষ্মানৰ আহিবলগীয়া ছবি ‘অনেক’ এখন ৰাজনৈতিক-একচন-থ্ৰিলাৰ চলচ্চিত্ৰ। যিয়ে ভাষাৰ ভিত্তিত বৈষম্যৰ দৰে এটা বিষয় উত্থাপন কৰিব।