কংগনা ৰাণাৱটৰ একচন ছবি “ধাকড়” য়ে বক্স অফিচত পৰা সঁহাৰি লাভ কৰা নাই। ২০ মে’ত ছবিগৃহত মুক্তি পোৱা এই ছবিখনৰ চিনেমাগৃহত দৰ্শকৰ ভিৰ পৰিলক্ষিত হোৱা নাই। প্ৰথম দিনা, কংগনা ৰাণাৱটৰ ছবিখনে আশাতকৈ যথেষ্ট কম অৰ্থাৎ ১ কোটিও উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল।
কংগনা ৰাণাৱট, দিব্যা দত্ত আৰু অৰ্জুন ৰামপাল অভিনীত ‘ধাকড়’য়ে এনেদৰে কাৰ্তিক আৰিয়ন, কিয়াৰা আদৱানী আৰু টাবুৰ কমেডি ছবি ‘ভুল ভুলেইয়া ২’ৰ সন্মুখত প্ৰথম দিনাৰ উপাৰ্জনত আঁঠু কাঢ়িছে।
ৰজনীশ ঘাইৰ দ্বাৰা পৰিচালিত “ধাকড়” য়ে চলচ্চিত্ৰৰ ধাৰাৰ পৰা “এ প্ৰমাণপত্ৰ” লাভ কৰালৈকে এই স্পাই থ্ৰিলাৰৰ বিফলতাৰ কেইবাটাও কাৰণ আছে। শনিবাৰে, ছবিখনে ১.০৫ কোটি উপাৰ্জন কৰে। দেওবাৰে, ছবিখনে মাত্ৰ ১ কোটি উপাৰ্জন কৰিছিল। এনেদৰে, কংগনা ৰাণাৱটৰ ছবিখনে তিনি দিনত মাত্ৰ ৩ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।