কচু আৰু কচু শাক দুয়োটাতেই আছে প্রচুৰ পৰিমাণে ভিটামিন এ, বি, চি, কেলচিয়াম আৰু লো। ভিটামিন এ জাতীয় খাদ্যই কুকুৰী কণা ৰোগ প্রতিৰোধ কৰে আৰু ভিটামিন চিয়ে শৰীৰৰ ক্ষত নিৰাময়ত সহায় কৰে।
সেয়ে মহিলাসকলে ভিটামিন আৰু আয়ৰনৰ চাহিদা পূৰণৰ বাবে কচু খাব পাৰে।
খাদ্যৰ উপযোগী কচুৰ জাতবোৰ হ’ল বহুমুখী কচু, পঞ্চমুখী কচু, মান কচু, ওল কচু ইত্যাদি। কচুৰ উপকাৰিতা-
১. কচু খালে ৰক্তৰ কোলেষ্টেৰল কমে সেয়ে উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ বাবে ওল কচুৰ ৰস যথেষ্ট উপকাৰী।
২. কচুত আছে প্রচুৰ ফাইবাৰ, ফলেট আৰু থায়ামিন যি মানৱ শৰীৰৰ বাবে যথেষ্ট দৰকাৰী উপাদান।
৩. কচুত আছে অক্সলেট নামৰ উপাদান। সেয়ে কচু শাক বা কচু খালে বহু সময়ত ডিঙিত ধৰে। সেয়ে কচু ৰন্ধাৰ সময়ত নেমুৰ ৰস ব্যৱহাৰ কৰা উচিত।
৪. কচুৰ মূল উপাদান হ’ল আয়ৰন, যিয়ে ৰক্তত হিমোগ্লবিনৰ মাত্রা ঠিক ৰাখি শৰীৰত অক্সিজেনৰ মাত্রা সঠিক ৰাখে।
৫. নিয়মিত কচু খালে কোলন কেন্সাৰ আৰু ব্রেষ্ট কেন্সাৰৰ সম্ভাৱনা কমে।
৬. কচুৰ ঠাৰিত প্রচুৰ পৰিমাণে পানী থাকে। সেয়ে গৰমৰ সময়ত কচুৰ ঠাৰি ৰান্ধি খালেলে শৰীৰত পানীৰ ঘাটি পূৰণ হয়।
৭. আমাশয় ৰোগত বিশেষ উপযোগী।
৮. কচুই কাণ আৰু ডিঙিৰ ৰুক্ষতা দূৰ কৰে।