পুনৰ বাতৰিৰ শিৰোনামত তাৰকা-কন্যা ইৰা খান। অৱশ্যে আন পাঁচজন তাৰকা সন্তানৰ তুলনাত তেওঁ কিছু ভিন্ন প্রকৃতিৰ। ব্যক্তিগত সম্পর্কৰ পৰা মানসিক অৱসাদ, সকলোৱেই দাঙি ধৰে ছচিয়েল মিডিয়াৰ পৃষ্ঠাত। কোনোৱে তেওঁক সহানুভূতি প্রকাশ কৰে, কেতিয়াবা আকৌ চৰম সমালোচনাৰ চিকাৰ হয়। যিটো হৈছিল সম্প্রতি নিজৰ জন্মদিনত।
এইবাৰৰ জন্মদিনত নেট মাধ্যমত তোলপাৰ লগাইছিল ইৰাই। পিতৃ আমিৰ খান, মাতৃ ৰীণা দত্ত, ভাতৃ আজাদ, কিৰণ ৰাও, বন্ধু-বান্ধৱী, সকলোৱেই উপস্থিত আছিল তেওঁৰ জন্মদিনত। ছুইমিং পুলত জলকেলি, তাৰ পিছত বিকিনি পিন্ধি কেক কটা।
কিন্তু পিতৃৰ সন্মুখত বিকিনি পিন্ধি জন্মদিনৰ কেক কটাক লৈ সমালোচিত হৈছিল তেওঁ। জন্মদিনৰ শুভক্ষণতো নেটিজেনসকলৰ ৰোষৰ মুখত পৰিছিল ইৰা।
শেহতীয়াভাৱে অভিনেত্রী ফাতিমা চানা শ্বেখৰ সৈতে এখন ফটো পোষ্ট কৰিছে ইৰাই। ফটোখনত ফাতিমাক সাবটি ধৰি গালত চুম্বন কৰি থকা দেখা গৈছে ইৰাক। ফটোখনৰ কেপচনত আকৌ আমিৰ-কন্যাই লিখিছে, ‘কটাক্ষৰ ভাণ্ডাৰ শেষ হৈ গৈছে? তেনেহ’লে এয়া লওক, আন কেইখনমান ফটো।’ অর্থাৎ ট্রোলক যে তেওঁ বিশেষ গুৰুত্ব নিদিয়ে, সেয়া পুনৰবাৰ বুজাই দিয়ে সকলোকে।
উল্লেখ্য, আমিৰ-কিৰণৰ বিবাহ বিচ্ছেদৰ পিছতেই আৰম্ভ হয় তৃতীয় বিয়াৰ গুঞ্জন। চৰ্চা হয়, ফাতিমাৰ সৈতে তৃতীয়বাৰ বিয়াত বহিবলৈ আগবাঢ়িছে আমিৰ খান। অৱশ্যে সেই গুঞ্জন উৰুৱাই দিয়ে অভিনেতাগৰাকীয়ে। আনহাতে, জন্মদিনত পিতৃৰ চর্চিত প্রেমিকাৰ সৈতে ইৰাৰ এই কাৰ্যক ভালদৰে লোৱা নাই নেটিজেনসকলে। ফলত পুনৰ সমালোচনাৰ সন্মুখীন হ’বলগা হয় তেওঁ।