![]()
বুদ্ধ পূর্ণিমাৰ পবিত্র তিথিত এদিনীয়া নেপাল ভ্ৰমণলৈ গৈছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী। ইয়াকে লৈ প্রধানমন্ত্রী হোৱাৰ পিছত পঞ্চমবাৰ নেপাল ভ্ৰমণ মোদীৰ। অৱশ্যে লুম্বিনীত এই প্রথমবাৰ ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়ে খোজ পেলাব।
নেপালৰ প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্রণত নেপাল ভ্ৰমণলৈ যোৱাৰ কথা নিজেই জানাইছে মোদীয়ে। লক্ষ্য নেপালৰ সৈতে ভাৰতৰ সম্পর্ক সুন্দৰ আৰু দৃঢ়় কৰা। তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হ’ল, সময়ৰ সৈতে মজবুত হোৱা দুই দেশৰ সম্পর্কক উদযাপন কৰা আৰু সেয়া অধিক নিবিড় কৰি তোলা।
উল্লেখ্য, নেপালৰ লুম্বিনীত জন্মলাভ কৰিছিল গৌতম বুদ্ধই। তেওঁৰ জন্মতিথিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে তাত। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নৰেন্দ্র মোদীয়ে। লুম্বিনী মঠত ইণ্ডিয়া ইণ্টাৰনেছনেল চেণ্টাৰ ফৰ বৌদ্ধ কালচাৰ এণ্ড হেৰিটেজ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীয়ে।
তেওঁ জনোৱা মতে, পবিত্র বুদ্ধ পূর্ণিমা উপলক্ষে মায়াদেৱী মন্দিৰত পূজা-অর্চনাত অংশগ্ৰহণ কৰিবলৈ অত্যন্ত আগ্রহী আছিল। গৌতম বুদ্ধৰ পবিত্র এই জন্মস্থানত লক্ষ লক্ষ ভাৰতীয়ৰ দৰে শ্রদ্ধা জনোৱাৰ সুযোগ লাভ কৰি তেওঁ অত্যন্ত সন্মানিত বোধ কৰা বুলিও জনাইছে।










