সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত গোৰ্খা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙত দুজনকৈ গোৰ্খা প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ দাবী জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ কাৰবি আংলং জিলা সমিতিয়ে ৷
আজি ডিফুৰ দেৱানবস্তিস্থিত গোৰ্খা ভৱনত আগছুৰ কাৰবি আংলং জিলা সমিতিৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়, ইয়াৰ ভিতৰত সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকলৈ একাধিক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ৷
এইলৈ আজি সন্ধিয়া ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপক দাহালে প্ৰস্তাৱ সমূহৰ কথা সদৰি কৰি কয়যে, সমাগত কাৰবি পৰিষদীয় নিৰ্বাচনত যি দলে দুয়োখন পাহাৰীয়া জিলাত গোৰ্খা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা দুজনকৈ প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব সেই দলকে আগছুৱে সমৰ্থন কৰাৰ লগতে গোৰ্খা প্ৰাৰ্থী গৰাকীক জয়ী কৰাই আনিব ৷
বিশেষকৈ এইক্ষেত্ৰত প্ৰথমতে শাসকীয় দলক অগ্ৰাধিকাৰ হব বুলি কয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ এইলৈ কাৰবি আংলং জিলা আগছুৰ সঁজাতি দলে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতা সকলৰ লগত সাক্ষাৎ কৰি দাবী সন্দৰ্ভত অৱগত কৰে বুলি জানিবলৈ দিছে ৷ আনহাতে বিজেপি আৰু বিৰোধী দলৈ পৰষ্পৰে গোৰ্খা প্ৰতিনিধিক টিকট দিলে তেনে ক্ষেত্ৰত আগছুৱে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব বুলি কয় ৷
বিশেষকৈ বিজেপিৰ লগত যিকোনো গোৰ্খাক বিজেপিয়ে টিকট প্ৰদান কৰিব পাৰে তাত আগছুৱে আপত্তি নকৰে বুলি জনায় ৷ কিন্তু যদিহে গোৰ্খা প্ৰাৰ্থীক টিকট দিয়া নহয় সেইটো দলৰ বিৰুদ্ধে আগছুৱে প্ৰচাৰ চলাব বুলি সকিয়নি দিয়ে ৷ আনহাতে কোনো দলে গোৰ্খা প্ৰাৰ্থীক টিকট দিয়াৰ পৰা বিৰত থাকিলে আগছুৱে জিলা খনৰ অনান্য সংগঠনৰ লগত জড়িত হৈ সংযুক্তভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰি সেই সকল প্ৰাৰ্থী সকলক জয়া কৰাই আনিব বুলি হুংকাৰ দিয়ে আগছুৰ সাম্পাদক গৰাকীয়ে ৷
আজিৰ সংবাদমেলযোগে ২৬ টা পৰিষদীয় সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী সকলক আগছুৱে অগ্ৰিম শুভেশ্ছা জনোৱাৰ লগতে পৰিষদীয় নিৰ্বাচনত জিলাখনৰ গোৰ্খা ভোটাৰ সকলক এশ শতাংশ ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে ৷
আজিৰ সংবাদমেলত আগছু কাৰবি আংলং জিলা সমিতিৰ উপসভাপতি দীপক ভট্টৰায়, সাধাৰণ সম্পাদক দীপক দাহাল, সহ সম্পাদকদ্বয় অমৰ ছেত্ৰী আৰু ঔম ছেত্ৰী উপস্থিত থাকে ৷