২৪ বছৰীয়া দাম্পত্যত এইবাৰ ইতি টানিব বিচাৰিছে চলমন খানৰ ভাতৃ আৰু তেওঁৰ পত্নীয়ে। শুক্রবাৰে ছোহেইল খান আৰু সীমা সচদেব খান দুয়োজনেই মুম্বাইৰ এক পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছে।
আদালতৰ বাহিৰত তেওঁলোকৰ ফটোক কেন্দ্ৰ কৰি সম্প্ৰতি তোলপাৰ বলিউডত। কিন্তু এই চৰ্চাৰ মাজতো সীমাৰ সৈতে ক্রিকেটাৰ ৰোহিত শর্মাৰ নাম ওলাইছে। কিন্তু কিয়? কি সম্পর্ক আছে ৰোহিতৰ সৈতে সীমাৰ?
বহুতেই এই প্রশ্নৰ উত্তৰৰ সন্ধান আৰম্ভ কৰিছে। ১৯৯৮ চনত বিয়াৰ পিছৰ পৰাই ইমান বছৰ একেলগে আছে তেওঁলোক। আছে দুই সন্তান। অৱশ্যে কেইবছৰমান আগতেই তেওঁলোকৰ বিচ্ছেদৰ কথা ওলাইছিল।