বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী হিচাবে বিবেচিত শিল্পা চেট্টীয়ে শেহতীয়াকৈ তেওঁৰ পোষ্টৰ জৰিয়তে অনুৰাগীসকলৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছে। বৰ্তমান সময়ছোৱাত শিল্পা চেট্টীৰ ছবিসমূহৰ সংখ্যা কম হ’ব পাৰে, কিন্তু তেওঁ সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় হৈ থাকে।
ফিটনেছ হওঁক বা ফেশ্বনৰ দ্বাৰা অনুৰাগীসকলক প্ৰভাৱিত কৰাই হওঁক, শিল্পা চেট্টী এই সকলোবোৰতেই নিখুঁত। কিন্তু শেহতীয়াকৈ শিল্পা চেট্টীক তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ পদাংক অনুসৰণ কৰা দেখা যায় । আমি এয়া এইকাৰণে কৈছো কাৰণ, শিল্পা চেট্টীয়ে কিছু সময়ৰ বাবে সামাজিক মাধ্যমৰ পৰা আঁতৰি থকাৰ ঘোষণা কৰি তেওঁৰ অনুৰাগীসকলৰ হৃদয় সম্পূৰ্ণৰূপে ভাঙি পেলাইছে।
শিল্পা চেট্টীয়ে অলপতে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে যে, “মই ছ’চিয়েল মিডিয়াৰ পৰা আমনি পাইছোঁ আৰু সকলো যেন এতিয়া একে দেখা গৈছে। মই নতুন অৱতাৰ বিচাৰি নোপোৱালৈকে সামাজিক মাধ্যমত অনুপস্থিত হৈ থাকিম।
” শিল্পা চেট্টীৰ এই ঘোষণাৰ পিছত, অনুৰাগীসকলে সামাজিক মাধ্যমত নিৰন্তৰ মন্তব্য কৰি আছে আৰু অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ সুধিবলৈ আৰম্ভ কৰিছে।
শিল্পা চেট্টীৰ এই ঘোষণাৰ পিছত, অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁৰ পোষ্টটোৰ ওপৰত যথেষ্ট মন্তব্য কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁক ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ সুধিছে, আনহাতে কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁলৈ মনত পৰাৰ কথা ব্যক্ত কৰিছে।
এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখে যে,, “আমি আপোনাক মনত কৰিম, সোনকালে ঘূৰি আহিব।” তাতেই আকৌ আন এজন ব্যৱহাৰকাৰীয়ে লিখে যে, “নতুন অৱতাৰৰ শিল্পা চেট্টীৰ বাবে অপেক্ষা কৰি আছোঁ।”