বছৰজোৰা অপেক্ষাৰ অন্ত পেলাই অৱশেষত ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পালে ৰাজকুমাৰ হিৰানীৰ ছবি ‘ডাংকি’ (Rajkumar Hirani’s film ‘Dunki’ released)। ছবিখনত শ্বাহৰুখ খানে মুখ্য চৰিত্ৰত অভিনয় (Shah Rukh Khan plays the lead role) কৰিছে। শ্বাহৰুখে তিনিটা দশকৰ অভিনয় জীৱনত প্ৰথমবাৰৰ বাবে হিৰাণীৰ সৈতে কাম কৰিছে। সেই দৃষ্টিকোণৰ পৰা এই ছবিখন যে ‘বিশেষ’ তাত কোনো সন্দেহ নাই। আনহাতে, এইবাৰ ‘পাঠান’ আৰু ‘জোৱান’ৰ সফলতাৰ পাছত বলীউডৰ কিঙক কেন্দ্ৰ কৰি অনুৰাগীৰ আশা বাঢ়িছে। ফলত তেওঁলোকে ইমান দিনে ‘ডাংকি’ৰ বাবে অপেক্ষা কৰি আছিল। অৱশেষত ২১ ডিচেম্বৰত মুক্তি পালে ছবিখন। ছবিখনৰ টিকটৰ আগতীয়াকৈ বুকিং কৰি অনুৰাগীয়ে অপেক্ষা কৰি আছিল। দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত ভিৰ কৰি শ্বাহৰুখৰ ছবিখনৰ ‘ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ চাবলৈ দৰ্শকে ভিৰ কৰে। অৱশ্যে যিসকলে প্ৰথমদিনাই ছবিখনৰ প্ৰথম প্ৰদৰ্শনৰ টিকট নাপালে, তেওঁলোকেও ঘৰতে বহি ‘ডাংকি’ চালে! কিন্তু কেনেকৈ জানেনে?
২১ ডিচেম্বৰত পুৱা ৫.৫৫ বজাত মুম্বাইত অনুষ্ঠিত হৈছিল ‘ডাংকি’ৰ প্ৰথমটো শ্ব’। দিল্লী, কলকাতাৰ দৰে চহৰত পুৱাৰে পৰা আৰম্ভ হয় ‘ডাংকি’ ধুমুহা। ছবিখন ছবিগৃহত চোৱাৰ পিছত এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ‘ডাংকি’ ষ্ট্ৰীমিং কৰিবলৈ আৰম্ভ কৰে। প্ৰায় ৫০ মিনিটমান ষ্ট্ৰীমিং কৰাৰ পিছত তেওঁ বন্ধ কৰি দিয়ে। সেই ৫০ মিনিটত প্ৰায় ১ লাখ ৩০ হাজাৰ অনুৰাগীয়ে শ্বাহৰুখৰ ছবিখনৰ প্ৰথম খণ্ডৰ বেছিভাগেই দেখিছে। ছচিয়েল মিডিয়া পেজত লিংকটো বিয়পি পৰাৰ লগে লগে অৱশ্যে আঁতৰাই দিয়া হয়। কিন্তু সেই সময়লৈকে আৰু ৭০০০ হাজাৰ দৰ্শকে শ্বাহৰুখৰ ছবিখন চাইছে।
হিৰাণীয়ে পৰিচালনা কৰা ২ ঘণ্টা ৪১ মিনিটৰ এই ছবিখনত শ্বাহৰুখৰ উপৰি তাপসী পান্নু, বিকি কৌশলৰ দৰে অভিনেতায়ো অভিনয় কৰিছে। মুক্তিৰ দিনাই ছ’চিয়েল মিডিয়াত ফাদিল হোৱাৰ পাছতো ‘ডাংকি’য়ে ভাৰতীয় বক্স অফিচত প্ৰায় ৩০ কোটি টকা উপাৰ্জন কৰে। ‘পাঠান’ আৰু ‘জোৱান’ৰ দৰে ‘ব্লকবাষ্টাৰ’ৰ খিতাপ পালে বাদশ্বাহৰ ২০২৩ বৰ্ষৰ অন্ত পৰিব হিটৰ হেট্ৰিকেৰে।