ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

নিউজ ডেস্কঃ

News Desk by News Desk
September 1, 2026
Reading Time: 1 min read
A A
0
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

RELATED POSTS

Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

Hottest August : ১৯০১ চনৰ পিছত প্ৰথমবাৰ সৰ্বাধিক উষ্ণ আগষ্ট মাহ, ছেপ্টেম্বৰত স্বাভাৱিকতকৈ কম বৰষুণৰ পূৰ্বাভাস

Anna Hazare : গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে, মুম্বাই চিকিৎসালয়ত ভৰ্তি ৮৯ বছৰীয়া সমাজকৰ্মী

New Logo Smal 4 | ASSAM TIMES POST

ভাৰতীয়সকলক (Indian) লোভনীয় দৰমহাৰে প্ৰলোভিত কৰি ৰাছিয়াৰ সেনাবাহিনীত যোগদান (Joining the Russian army) কৰিবলৈ প্ৰলোভিত কৰা হৈছে। বিগত দুবছৰত বিভিন্ন সময়ত এনে অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত উচ্চতম ন্যায়ালয়তো বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ কেন্দ্ৰই পুনৰ ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰা ভাৰতীয়ৰ তথ্য প্ৰকাশ কৰিছে। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। উল্লেখ্য যে ইয়াৰ ঠিক পিছতে বিদেশ মন্ত্ৰালয়ে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে।

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰা ২২৭ জন ভাৰতীয়ৰ ভিতৰত ৫১ জনৰ মৃত্যু হৈছে (51 people have died)। ইতিমধ্যে ১৩৯ জনক ৰাছিয়াৰ সেনাৰ পৰা মুকলি কৰি দিয়া হৈছে। নতুন দিল্লীয়ে দেশখনৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে, যাতে বাকীসকলক অতি সোনকালে ৰাছিয়াৰ সেনাৰ পৰা মুকলি কৰি দিয়া হয়।

বৰ্তমান কিৰ্গিস্তানৰ ৰাজধানী বিচকেকত আছে প্ৰধানমন্ত্ৰী মোদী। তাত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ নেতাসকলৰ সভাত তেওঁ অংশ লৈছে। সেই সন্মিলনৰ মাজতে সোমবাৰে এখন পাৰ্শ্ব বৈঠকত মোদী-পুটিনৰ বৈঠক অনুষ্ঠিত হয়। মিশ্ৰীয়ে মোদীৰ লগত কিৰ্গিস্তানলৈও গৈছে। তাৰ পৰাই বৈদেশিক সচিবে সংবাদমেলত কয়, “এইটো এটা বিষয় যিটোৰ ওপৰত আমি ৰাছিয়া কৰ্তৃপক্ষৰ সৈতে অহৰহ আলোচনা কৰি আছো। মস্কোত থকা আমাৰ দূতাবাসে এই বিষয়সমূহ অহৰহ নিৰীক্ষণ কৰি আছে।”

indian | ASSAM TIMES POST
ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

ৰাছিয়াৰ সেনাবাহিনীত ভাৰতীয়ক নিযুক্তি দিয়াৰ সন্দৰ্ভতো বিগত সময়ত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু হৈছিল। ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ভাৰতীয়সকলক প্ৰত্যাৱৰ্তনৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাৰ বাবে আদালতত আবেদন দাখিল কৰা হয়। সেই সময়ত কেন্দ্ৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠত কয় যে এই পৰ্যন্ত ৪৪ জন লোকৰ মৃত্যু হৈছে। অধিবক্তাগৰাকীয়ে লগতে কয় যে জীৱিত সকলোকে নিৰাপদে ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰ সক্ৰিয় হৈ আছে।

চলিত ইউক্ৰেইন যুদ্ধত ইমান ভাৰতীয়ই কিয় ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছে সেই কথা ব্যাখ্যা কৰি কেন্দ্ৰই সেই সময়ত আদালতত কয় যে বিদেশীসকলে আকৰ্ষণীয় পেকেজ, সামাজিক সুৰক্ষা, ক্ষতিপূৰণ, নাগৰিকত্ব প্ৰদান কৰি সেনাবাহিনীত যোগদান কৰিবলৈ আকৰ্ষিত হয়। বহুতে সেই আকৰ্ষণীয় প্ৰস্তাৱটোক আওকাণ কৰিব নোৱাৰে। সেই অফাৰৰ জালত পৰে।

অতিৰিক্ত ছলিচিটৰ জেনেৰেলে আদালতত কয়, “আকৰ্ষণীয় দৰমহাৰ পেকেজত আকৰ্ষিত হৈ কিছুমান ভাৰতীয়ই স্বেচ্ছাই ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিবলৈ চুক্তিবদ্ধ হোৱা যেন লাগে।”

সোমবাৰে পুটিনৰ সৈতে হোৱা বৈঠকত মোদীয়ে ইউক্ৰেইন যুদ্ধৰ বিষয়েও আলোচনা কৰে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মোদীয়ে কয়, “যুদ্ধৰ প্ৰতিটো দিনেই মানৱতাক পিছুৱাই লৈ গৈছে আৰু বিশ্বই অন্তহীন যুদ্ধৰ পৰা ইয়াৰ অন্ত পেলোৱাৰ দিশত আগবাঢ়িব লাগিব। ভাৰতে আলোচনাৰ জৰিয়তে যিকোনো সংঘাতৰ শান্তিপূৰ্ণ সমাধানত বিশ্বাস কৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndiaRussiarelations
Share4Tweet3Send

Related Posts

Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
National-International

Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

by News Desk
September 1, 2026
50
Hottest August : ১৯০১ চনৰ পিছত প্ৰথমবাৰ সৰ্বাধিক উষ্ণ আগষ্ট মাহ, ছেপ্টেম্বৰত স্বাভাৱিকতকৈ কম বৰষুণৰ পূৰ্বাভাস
National-International

Hottest August : ১৯০১ চনৰ পিছত প্ৰথমবাৰ সৰ্বাধিক উষ্ণ আগষ্ট মাহ, ছেপ্টেম্বৰত স্বাভাৱিকতকৈ কম বৰষুণৰ পূৰ্বাভাস

by News Desk
September 1, 2026
50
Anna Hazare : গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে, মুম্বাই চিকিৎসালয়ত ভৰ্তি ৮৯ বছৰীয়া সমাজকৰ্মী
National-International

Anna Hazare : গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে, মুম্বাই চিকিৎসালয়ত ভৰ্তি ৮৯ বছৰীয়া সমাজকৰ্মী

by News Desk
September 1, 2026
50
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

by News Desk
August 31, 2026
52
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

by News Desk
August 31, 2026
51
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

by News Desk
August 31, 2026
51
ADVERTISEMENT
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
50
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
Economy

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

September 1, 2026
50
Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ
Guwahati

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

September 1, 2026
50
Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
National-International

Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

September 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

September 1, 2026
Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d