বিলাহীৰ জুইচক কোৱা হয় ছুপাৰ ফুড। ইয়াত আছে প্রচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল। আপোনাৰ শৰীৰ সুস্থ ৰাখিবলৈ বিলাহীৰ ৰসৰ তুলনা নাই।
কলেষ্টেৰল নিয়ন্ত্রণ কৰে- দৈনিক এক গিলাচকৈ বিলাহীৰ ৰস খালে কলেষ্টৰল নিয়ন্ত্রণত থাকিব। বিলাহীৰ ৰসত প্রচুৰ পৰিমাণে ফাইবাৰ আছে যিয়ে ৰক্তত এলডিএল বা বেড কলেষ্টেৰলৰ পৰিমাণ কমায়।
ওজন কমায়- শৰীৰত পানীৰ পৰিমাণ বঢ়াই ভাৰসাম্য বজায় ৰাখে বিলাহীয়ে। এই ৰস খালে ভোক পলায়। ফলত ওজন কমায় আৰু শৰীৰক দুর্বলবোধ কৰিব নিদিয়ে।
ছালৰ বাবে ভাল- দাগমুক্ত আৰু উজ্জ্বল ছাল পাবলৈ বিচাৰিলে প্ৰতিদিনে এক গিলাচকৈ ৰস খোৱাটো অৱশ্যেই উচিত। বিলাহীৰ ৰসে ছালৰ শোতোৰা দূৰ কৰে, ছালৰ ক’লা দাগ দূৰ কৰে। তাৰ লগতে ব্রণ নিৰাময় কৰে। তৈলাক্ত ছালৰ ছিবাম ক্ষৰণ নিয়ন্ত্রণ কৰে।
ডিটক্সিফিকেচন- বিলাহীৰ ৰসত ক্লোৰিন আৰু ছালফাৰ থাকে। যিয়ে আপোনাৰ শৰীৰৰ পৰা টক্সিন দূৰ কৰি ডিটক্স কৰাত সহায় কৰে।