দীঘল দীঘলকৈ খোজকাঢ়িলে দীঘলীয়া হ’ব আয়ুস। শুনিবলৈ অবাক হ’লেও অন্তত এয়াই দাবী ব্রিটেইনৰ লেষ্টাৰ বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ। ৬৫-১০৫ বছৰীয়া লোকসকলৰ মৃত্যুৰ কাৰণ সংক্রান্তীয় গৱেষণা চলাই থাকোতে তেওঁলোকে এই কথা জানিব পাৰিছে বুলি দাবী গৱেষকসকলৰ।
অৱশ্যে বয়স বৃদ্ধিৰ কাৰণ সন্দৰ্ভত নির্দিষ্ট কোনো তথ্য নাই বিজ্ঞানসকলৰ ওচৰত৷ কিন্তু বার্ধক্যৰ সৈতে কোষত অৱস্থিত ক্রমোজোমৰ যে কিবা নহয় কিবা সম্পর্ক আছে তাকে লৈ নিশ্চিত গৱেষকসকল।
ক্রমোজোমৰ বাহুবোৰৰ শেষ প্রান্তক বিজ্ঞানৰ ভাষাত ‘টেলোমেয়াৰ’ বোলে। দেখা গৈছে এই টেলোমেয়াৰ যিমান দিন দীঘল হৈ থাকে সিমান দিনলৈ দূৰৈত থাকে বার্ধক্য। কিন্তু এই টেলোমেয়াৰ যেতিয়া ক্ষয় হ’বলৈ আৰম্ভ কৰে তেতিয়াই কমিবলৈ আৰম্ভ কৰে কোষ বিভাজন। ফলত দুর্বল হয় পেশীৰ গঠন, দেখা দিবলৈ ধৰে বার্ধক্য।
৪,০৫,০০০ জন লোকৰ ওপৰত কৰা এই গৱেষণাত দেখা গৈছে মুঠ চল্লিশ শতাংশ মানুহে নিয়মিত খৰকৈ খোজকাঢ়ে। আৰু এই চল্লিশ শতাংশ মানুহৰ টেলোমেয়াৰৰ দৈর্ঘ্য বাকী মানুহবোৰৰ তুলনাত বেছি।
ইয়াৰে ভিতৰত ৮৬জন মানুহৰ সৈতে গতি জোখাৰ বিশেষ যন্ত্র লগাইছিল গৱেষকসকলে। বাকীসকলৰ সৈতে মুখেৰে কথা পতা হয়। গৱেষকসকলৰ দাবী, বেগাই খোজকাঢ়িলে সর্বোচ্চ ১৬ বছৰ পর্যন্ত আয়ুস বাঢ়িব পাৰে। অৱশ্যে এই বিষয়ত অধিক গৱেষণাৰ প্রয়োজন আছে বুলিও মত গৱেষকসকলৰ একাংশৰ।