কাঁচ বা চেৰামিকৰ কাপত চাহ খালে সেয়া ধুবলগা হয়। সেয়ে শ্রম আৰু সময় বচাবলৈ বহুতে দোকানতো বাদেই, আনকি ঘৰতো কাগজ বা প্লাষ্টিকৰ কাপত চাপ খায়। খোৱা হ’লে সেই কাপ পেলাই দিলেই হ’ল। কিন্তু জানেনে, এই কাপত চাহ খাই অজানিতেই ডাঙৰ বিপদ মাতি আনিছে। এই কথা প্ৰকাশ পাইছে খড়্গপুৰ আইআইটিৰ এক গৱেষণাত।
শেহতীয়াকৈ খড়্গপুৰ আইআইটিয়ে কাগজৰ কাপৰ ওপৰত এক গৱেষণা চলাইছিল। তাত দেখা গৈছে, নামত কাগজৰ কাপ হ’লেও, আচলতে এইবোৰ হাইড্রোফোবিক ফিল্ম নামৰ উপাদানৰ পৰা উৎপাদিত। যি আচলতে বিশেষ ধৰণৰ প্লাষ্টিক। ইয়াৰ ভিতৰত গৰম পানী বা চাহ ঢালিলে সেই প্লাষ্টিকৰ কণা উক্ত তৰলত মিহলি হৈ যায়।
১৫ মিনিটৰ ভিতৰতেই ব্যাপক পৰিমাণে প্লাষ্টিক মিহলৈ হৈ যায় পানীয়ত। এই সময়ছোৱাৰ ভিতৰত সকলো মিলাই প্রায় ৭৫ হাজাৰ প্লাষ্টিকৰ কণা মিহলি হ’ব পাৰে চাহ বা গৰম পানীত।
সেয়ে কাগজ বা প্লাষ্টিকৰ কাপত নহয়, কাঁচ বা চেৰামিকৰ পাত্রতেই গৰম পানীয় খোৱাটো সকলোতকৈ বেছি নিৰাপদ। আনকি ধাতুৰে নিৰ্মিত পাত্রও তুলনামূলকভাৱে বহু বেছি নিৰাপদ।
এই কথা কোৱা হৈছে গৱেষণা-পত্রখনত। সেয়ে অবিলম্বে কাগজ-প্লাষ্টিকৰ কাপত চাহ খোৱাৰ অভ্যাস ত্যাগ কৰাৰ পৰামর্শ দিছে গৱেষকসকলে।