বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত, ‘দ্য কাশ্মীৰ ফাইলছ’ হৈছে কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থান আৰু গণহত্যাৰ কাহিনীৰে সমৃদ্ধ এখন ছবি। বক্স অফিচত খলকনি লগোৱাৰ পিছত, ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন এতিয়া ১৩ মে’ত হিন্দী, তামিল, তেলেগু আৰু কানাড়া ভাষাত অ’টিটি যোগে মুক্তি পাব। ছবিখন বিবেক অগ্নিহোত্ৰীয়ে লিখিছে আৰু পৰিচালনা কৰিছে। ইয়াত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী, ভাষা সুম্বালি আৰু দৰ্শন কুমাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
ছবিখনৰ কাহিনীভাগ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থান আৰু তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ বিৱৰণ উপস্থাপন কৰা হৈছিল। ইয়াৰোপৰি, এই ছবিখনত মানুহৰ ভাৱনা, প্ৰব্ৰজনৰ কষ্ট, অস্তিত্বৰ ভয় আৰু জীয়াই থকাৰ সংগ্ৰামক দেখুওৱা হৈছিল।
অভিনেতা অনুপম খেৰে এক বিবৃতিত শ্বেয়াৰ কৰিছে যে, “দ্য কাশ্মীৰ ফাইলছ’ হৈছে বিগত সময়ত আমাৰ লোকসকলৰ সৈতে সংঘটিত এটা ঘটনাৰ চিত্ৰণ আৰু এতিয়াও খুব কম লোকেই ইয়াৰ বিষয়ে অৱগত । এই ছবিখনৰ সফলতাৰ আঁৰত আছে বিবেক আৰু সমগ্ৰ টীমটোৰ সততা, যিসকলে একেলগে ভাল কাম কৰিছে।
ছবিখনৰ প্ৰিমিয়াৰ ১৩ মে’ত জি৫ ত হ’ব। অনুপমে তেওঁৰ বিবৃতিত আগলৈ কয় যে, “ছবিখনে সমগ্ৰ দেশৰ পৰা প্ৰশংসা লাভ কৰিছে আৰু এতিয়া যিসকলে ইয়াক ডাঙৰ পৰ্দাত চাব নোৱাৰিলে, তেওঁলোকৰ বাবে ‘দ্য কাশ্মীৰ ফাইলছ’ এতিয়া জি৫ত উপলব্ধ হ’ব।
দৰ্শন কুমাৰে কয় যে, “দ্য কাশ্মীৰ ফাইলছ’ মোৰ হৃদয়ৰ অতি ওচৰৰ কিয়নো ই এনে এখন ছবি যিয়ে মোৰ কেৰিয়াৰৰ সংজ্ঞা দিছিল। মই সুখী যে ই চলিত বছৰটোৰ শ্ৰেষ্ঠ ছবি হৈ পৰিছে। মই জি৫ ত ইয়াৰ প্ৰিমিয়াৰৰ বাবে অপেক্ষা কৰি আছোঁ আৰু ছবিখনৰ বাবে অধিক লোকৰ ওচৰলৈ যাবলৈ উৎসাহিত।