![]()
দেওবাৰে জম্মুলৈ যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী। প্রধানমন্ত্রীৰ ভ্ৰমণৰ দুদিন পূৰ্বে জম্মুৰ সেনা ছাউনিৰ ওচৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হয় সংঘৰ্ষ।
প্রাথমিকভাবে এই সংঘৰ্ষত এজন চিআইএছএফ জোৱান নিহত আৰু চাৰিজন আহত হোৱা বুলি সেনা সূত্রে খবৰ। আনহাতে, সেনাবাহিনীৰ গুলীত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলিও সেনা সূত্রত প্ৰকাশ।
সন্ত্ৰাসবাদীয়ে জম্মুত আক্ৰমণৰ পৰিকল্পনা কৰা বুলি আগতেই খবৰ আছিল চোৰাংচোৱাৰ হাতত। লগতে আৰক্ষীয়ে সুনজবা এলেকাত দুজনমান সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰিছিল।
সেই মতে সেনা সদস্যসকলে জম্মু চহৰৰ সুনজবা কেন্টনমেন্ট এলেকাত তালাচী অভিযান আৰম্ভ কৰাৰ পিছতেই লুকাই থকা সন্ত্ৰাসবাদীৰ সৈতে সংঘর্ষ আৰম্ভ হয়।










