ৰন্ধনত নহৰু ব্যৱহাৰ কৰা হয় সোৱাদ বৃদ্ধি কৰিবলৈ। নহৰুৰ গোন্ধো কোনো কোনোৱে অতি পছন্দ কৰে। পিছে নহৰুৰ আছে ঔষধি গুণো। চর্দি-কাহ হওক, বা গাঠিৰ বিষ— সকলোতেই কামত লাগিব পাৰে নহৰু। কাৰণ নহৰুত আছে এন্টি-বেক্টেৰিয়েল গুণ। প্রদাহ কমোৱাতো সহায় কৰে নহৰুই।
অৱশ্যে নহৰুত আৰু বিভিন্ন ধৰণৰ গুণ আছে, যিয়ে ছালৰ যত্ন লোৱাত সহায় কৰে। নহৰুত আছে ভিটামিন বি-৬, চি, জিঙ্ক, ছেলেনিয়াম, কপাৰ। ছালৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম এইবোৰ উপাদানে। নহৰুত এলিচিন নামৰ এক উপাদান আছে। যিয়ে ছাল মসৃণ কৰে। লগতে ছালত বয়সৰ চাপ পৰাৰ দৰে সমস্যা ৰোধ কৰে। ফলত ছালৰ যত্নত নহৰুৰ ব্যৱহাৰ অতি কার্যকৰী।
নাৰিকল তেল বা অলিভ অইলত নহৰু গৰম কৰি লৈ ছালত লগাব পাৰে। ব্রণ বা দাগ আদি ইয়াৰ ফলত আঁতৰি যাব। গৰম নকৰি থেতেলিয়াইও ল’ব পাৰে। তাৰ উপৰি পোনপটীয়াকৈ তেলৰ সৈতে মিহলাই ল’বও পাৰে। তাৰ পিছত ছালত লগাওক।
তিনি-চাৰি মিনিট তেনেদৰে ৰাখক। ইয়াৰ পিছত ভালদৰে ঠাণ্ডা পানীৰে মুখ ধুই পেলাওক। কিছু সময় পিছত নৰম টাৱেলেৰে মুখখন মচি লওক।