গৰমত পইতা ভাতত পিঁয়াজৰ জুতিয়েই বেলেগ! লগতে যদি কেঁচা জলকীয়া, বেঙেনা ভজা, আলুভর্তা থাকে তেনেহ’লেতো কথাই নাই। এয়া অসমীয়া আৰু বঙালী সমাজ জীৱনৰ এক তৃপ্তিদায়ক খাদ্য উপকৰণ৷
কিন্তু সেয়া যদি ক্রিকেটাৰ বিৰাট কোহলিৰ পত্নী তথা বলিউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শর্মাই খায়? নিশ্চয় কিবা কাৰণ থাকিব৷ হয়, ঝুলন গোস্বামীৰ বায়’পিকত অভিনয় কৰাৰ আগতে যেন মনে-প্রাণে বঙালী হৈ উঠিছে বলিউড অভিনেত্রীগৰাকী।
‘চাকদহ এক্সপ্রেছ’ত ভাৰতীয় মহিলা ফাষ্ট বলাৰ ঝুলন গোস্বামীৰ ভূমিকাত দেখা যাব তেওঁক। ছবিখনৰ শ্বুটিং হ’ব বিশ্বৰ ৪টা শীর্ষস্থানীয় ষ্টেডিয়ামত। তাতেই দৌৰত ঘাম নিগৰাব ‘জিৰো’ৰ নায়িকাগৰাকীয়ে।
তাৰ পূৰ্বে পইতা ভাত খাই শৰীৰত শক্তি একত্ৰিত কৰিছে। সোমবাৰে দুপৰীয়া নিজৰ ইনষ্টাগ্রামত পইতা ভাতত পিঁয়াজ, কেঁচা জলকীয়া ফালি খোৱাৰ ছবি পোষ্ট কৰে অনুষ্কাই। খাবলৈ যে সেয়া তেওঁৰ কিমান মজা লাগিছিল সেয়া ছবিৰ ওপৰ তদিয়া ইমোজিৰে বুজাইছে তেওঁ।
ঝুলনৰ চৰিত্রত নিজকে খাপ খুওৱাটো অনুষ্কাৰ বাবে বৃহৎ প্ৰত্যাহ্বান। নদিয়াৰ চাকদহৰ নিম্নবিত্ত পৰিয়ালৰ জীয়াৰী ঝুলন। অভাৱ, ক্রীড়া জগতত বিভিন্ন ধৰণৰ বাধাৰ সৈতে যুঁজি যুঁজিয়েই ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভ কৰিছে তেওঁ।
ফাষ্ট বলিঙত দুৰ্দান্ত সাফল্যৰ পিছত দলৰ অধিনায়ক। ঝুলনৰ জয়যাত্রা নিশ্চিতভাৱে অনুপ্রেৰণাৰ উৎস।