ৰ’দৰ অভাৱত হাড়ৰ স্বাস্থ্য আৰু ৰোগ প্রতিৰোধ ক্ষমতা কমি যায়।
পুষ্টিবিদসকলৰ মতে, ভিটামিন-ডিয়ে হাড়ক মজবুত ৰখাত যেনেদৰে সহায় কৰে তেনেদৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। কেন্সাৰ ৰোধতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ভিটামিন-ডিয়ে।
ভিটামিন-ডিৰ অভাৱত হার্টৰ সমস্যাৰ পৰা আৰম্ভ কৰি উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বেক্টেৰিয়াজনিত সংক্রমণ, ইমিউনিটি ডিছঅর্ডাৰ, বয়সৰ তুলনাত বুঢ়া হোৱা, মাল্টিপল স্ক্লেৰোছিছ জাতীয় সমস্যা ৰোধত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ভিটামিন-ডিয়ে। বিশেষজ্ঞসকলৰ মতে, সূর্যৰ ৰশ্মি হ’ল ভিটামিন-ডিৰ সকলোতকৈ ডাঙৰ উৎস।
প্রত্যেকেই প্রতিদিনে পুৱা কমপক্ষেও ১৫-২০ মিনিট ৰ’দ পুওৱাটো উচিত। এনচিবিআই অনুসৰি বিশ্বব্যাপি জনসংখ্যাৰ প্রায় ৫০% লোক ভিটামিন ডিৰ অভাৱত ভোগে। মার্কিন ইনষ্টিটিউট অব মেডিচিনৰ পৰামর্শ অনুযায়ী, গড়ে দৈনিক ১০-২০ মাইক্রোগ্রাম ভিটামিন-ডি খোৱাটো প্রয়োজন।
ভিটামিন-ডিৰ ঘাটিৰ কাৰণ: