প্রস্রাৱ কৰাৰ সময়ত মাজে-সময়ে বহুতে মধ্যমীয়া বিষ বা অস্বস্তি অনুভৱ কৰে। প্রাথমিকভাবে কোনো অসুবিধা নহ’লেও, মূত্রাশয়ত বেক্টেৰিয়া সংক্রমণৰ কাৰণে এনে হয়। প্রস্রাৱ কৰাৰ সময়ত তীব্র বিষ হোৱাক বিজ্ঞানৰ ভাষাত ‘ডিছুৰিয়া’ বোলা হয়।
প্রস্রাৱ কৰাৰ সময়ত তীব্র বিষ, জ্বলা-পোৰা, যৌনাঙ্গ সংলগ্ন কোষবোৰত চাপ অনুভূত হোৱাটো ডিছুৰিয়াৰ অন্যতম লক্ষণ। বেক্টেৰিয়া সংক্রমণৰ উপৰি কেইবাটাও কাৰণত প্রস্রাৱ কৰাৰ সময়ত এই সমস্যাবোৰ হ’ব পাৰে।
কি কি কাৰণত প্রস্রাৱ কৰাৰ সময়ত বিষ হ’ব পাৰে?
1) বেছি মাত্রাত শুকান খাদ্য খোৱাৰ প্রবণতা। শৰীৰত পানীৰ পৰিমাণ কমি গ’লে এই ধৰণৰ সমস্যাই দেখা দিব পাৰে।
২) বদ হজমৰ কাৰণেও প্রস্রাৱৰ সময়ত বিষ হ’ব পাৰে। প্রস্রাৱ কৰাৰ সময়ত যদি কিবা খাই থাকে আৰু সেয়া যদি সঠিকভাৱে হজম নহয়, তেনেহ’লেও এই সমস্যাই দেখা দিব পাৰে।
৩) মাত্রাধিক মদ্যপান ডিছুৰিয়াৰ অন্যতম কাৰণ।
৪) প্রয়োজনতকৈ অতিৰিক্ত শৰীৰচর্চা কৰিলেও প্রস্রাৱৰ সময়ত বিষ হ’ব পাৰে। বেছিকৈ ব্যায়াম কৰিলে শৰীৰৰ অন্যান্য অংশৰ কোষত চাপ পৰে। বৰ্ধিত চাপৰ কাৰণে বিষ হ’ব পাৰে।
৫) এই কাৰণবোৰৰ উপৰি অন্য কোনো শাৰীৰিক সমস্যা থাকিলেও ডিছুৰিয়াৰ সমস্যা হ’ব পাৰে।