কোনো শাৰীৰিক অসুস্থতা যদি প্রাথমিক পর্যায়ত চিনাক্ত কৰা যায় তেনেহ’লে সোনকালে ৰোগমুক্তিৰ সম্ভাৱনা বহু বেছে থাকে। কিন্তু সকলো সময়তে প্রথম অৱস্থাতেই ৰোগ ধৰা নপৰে।
ৰোগৰ বীজাণুৱে শৰীৰত বাহ লোৱাৰ পিছতহে ৰোগৰ লক্ষণ পোহৰলৈ আহে। কিন্তু কেইটামান শাৰীৰিক সমস্যাৰ ক্ষেত্রত প্রাথমিক কিছু লক্ষণ প্রকাশ পায় চকুত। সেইবোৰ কি কি?
১। ডায়েবেটিছ : দৃষ্টি কমি যোৱাটো টাইপ-টু ডায়েবেটিছৰ অন্যতম লক্ষণ। ৰক্তত শর্কৰাৰ মাত্রা বেছি থকাত ৰক্তনলীত চাপ পৰে। চকু ৰপৰা বহু সময়ত ৰক্তক্ষৰণো হয়। চকুৰ পৰা তেজ ওলোৱা মানে শর্কৰাৰ মাত্রা স্বাভাৱিকতকৈ মাত্রা পাৰ কৰা।
২। স্তন কেন্সাৰ : স্তন কেন্সাৰৰ পূর্ব লক্ষণ প্রকাশ পাব পাৰে চকুৰ জৰিয়তেও। কেন্সাৰৰ কোষবোৰ শৰীৰৰ অন্যান্য অংশৰ দৰে চকুতো বিয়পি পৰে। চকুত কোনো ক্ষত বা মাংসপিণ্ড দেখা দিলে সেয়া স্তন কেন্সাৰৰ পূর্বাভাস হ’ব পাৰে। ইয়াৰ উপৰি অস্বচ্ছ দৃষ্টি, চকুৰ বিষ, চকুৰ পৰা অনবৰত পানী পৰাটোও স্তন কেন্সাৰৰ কাৰণ হ’ব পাৰে।
৩। উচ্চ কোলেষ্টেৰল : চকুৰ মণিৰ চাৰিওকাষে বহু সময়ত বগা, পাতল নীলা বা ধূসৰ ৰঙৰ গোল গোল দাগ দেখা যায়। বার্ধক্যজনিত কাৰণৰ উপৰি কোলেষ্টেৰল বাঢ়িলেও এই উপসর্গ দেখা দিব পাৰে। কোনো কাৰণত চকুত এনে দেখিবলৈ পালে অৱশ্যেই কোলেষ্টেৰল পৰীক্ষা কৰাওক। উচ্চ কোলেষ্টেৰলে হৃদ্ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
৪। জণ্ডিচ : চকুৰ বৰণ হালধীয়া হোৱা জণ্ডিচৰ অন্যতম লক্ষণ। জণ্ডিচ হ’লে লিভাৰত পিত্ত জমা হৈ থাকে। হালধীয়া ৰঙৰ পিত্ত জমা হৈ থকাৰ ফলত চকুই হালধীয়া বৰণ ধাৰণ কৰে।
৫। চকুৰ সংক্রমণ : চকুৰ ভিতৰত মণি সংলগ্ন অঞ্চলত বগা দাগ কর্নিয়া সংক্রমণৰ লক্ষণ হ’ব পাৰে। যিসকলে চছমাৰ পৰিৱর্তে কণ্টেক্ট লেন্স ব্যৱহাৰ কৰে, তেওঁলোকৰ এই ধৰণৰ সমস্যা বেছি দেখা দিয়ে। দীর্ঘ দিন ধৰি একেই লেন্স ব্যৱহাৰ কৰাৰ ফলত চকুৰ ভিতৰত ভাইৰাছজনিত সংক্রমণ দেখা দিব পাৰে।