‘‘হোমিওপেথি কেৱল আয়ুস চিকিৎসাৰ প্রথম পছন্দ নহয়, চিকিৎসক শিক্ষাৰ্থীসকলৰ বাবেও ই প্রথম পছন্দ হ’ব পাৰে।’’
দেশৰ মেডিকেল শিক্ষাৰ্থীসকলৰ প্রথম পছন্দ হ’ব পাৰে হোমিওপেথি। এই অনুভৱ আয়ুসমন্ত্রী সর্বানন্দ সোণোৱালৰ। তেওঁৰ দাবী, দেশত হোমিওপেথি চিকিৎসাৰ গ্রহণযোগ্যতা বেছি। প্রজন্মৰ পিছত প্রজন্মই হোমিওপেথি চিকিৎসাত আস্থা ৰাখে। তাৰ উপৰি মানুহে সহজতেই লাভ কৰে হোমিওপেথি ঔষধ। সেই কাৰণে মেডিকেল শিক্ষাৰ্থীসকলৰ প্রথম পছন্দ হ’ব পাৰে হোমিওপেথি।
শনিবাৰে বিশ্ব হোমিওপেথি দিৱস উপলক্ষে দুদিনীয়া সন্মিলনৰ উদ্বোধন কৰে আয়ুসমন্ত্রী সোণোৱালে। হোমিওপেথিৰ জনক হেনিমেনৰ জন্মবার্ষিকী উপলক্ষে এই অনুষ্ঠানত উপস্থিত আছিল আয়ুস ৰাজ্যিক মন্ত্রী মহেন্দ্রভাই মুঞ্জপাড়াসহ বহুতেই।
তাত বক্তব্য ৰাখি আয়ুসমন্ত্রীয়ে কয়, ‘‘হোমিওপেথি কেৱল আয়ুস চিকিৎসাৰ প্রথম পছন্দ নহয়, চিকিৎসক শিক্ষাৰ্থীসকলৰ বাবেও ই প্রথম পছন্দ হ’ব পাৰে।’