তীব্র গৰমৰ কাৰণে ডিহাইড্রেচনৰ সমস্যা বাঢ়ে। এই সময়ত তষ্ণা নিবাৰণৰ বাবে বহুতেই ক’ল্ড ড্রিঙ্কছ, ছফট ড্রিঙ্কছ খায়। যিয়ে সাময়িকভাবে তৃষ্ণা দূৰ কৰিলেও শৰীৰৰ ক্ষতি কৰে। বিশেষজ্ঞসকলৰ পৰামর্শ অনুযায়ী, এই বতৰত তৈলাক্ত, মচলাদাৰ খাদ্যৰ পৰিৱর্তে লঘু খাদ্য খোৱা উচিত।
তাৰ উপৰি দৈনিক খাদ্য তালিকাত বিশেষ কিছু ফল, পাচলি ৰখা উচিত। ইয়াৰে ভিতৰত এবিধ হৈছে তৰমুজ।
গৰমৰ বজাৰত সর্বত্রই তৰমুজ পোৱা যায়। কেৱল যে সুস্বাদু সেয়াই নহয়, তৰমুজ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। নিয়মিত খালে একাধিক জটিল ৰোগৰ সমস্যাও নিয়ন্ত্রণত থাকিব৷
১. তৰমুজত প্রচুৰ এন্টিঅক্সিডেন্ট আছে। লাইকোপিন, এছকর্বিক এচিড আৰু চাইট্রুলিন এই তিনি ধৰণৰ এন্টিঅক্সিডেণ্ট হার্টৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
২. কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায় কৰে তৰমুজে।
৩. ইয়াত কেলোৰিৰ পৰিমাণ অত্যন্ত কম। ফলত দৈনিক খালেও ওজন বঢ়াৰ সমস্যা নাথাকে। দীর্ঘক্ষণ পেট ভৰিও থাকিব।
৪. তৰমুজত পটাছিয়াম আৰু কেলছিয়াম আছে। যিয়ে শৰীৰৰ দূষিত পদার্থ উলিয়াই দিয়াত সহায় কৰে। ইয়াৰ ফলত কিডনিৰ স্বাস্থ্য ঠিকে থাকে।
৫. পেশীৰ যন্ত্রণা কমাতো সহায় কৰে। শৰীৰচর্চা কৰাৰ পিছত তৰমুজ খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে।
৬. এজমা বা হাঁপানিৰ সমস্যা কমাবলৈও তৰমুজ ভীষণ উপকাৰী।
৭. ইয়াত আছে প্রচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি। শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে তৰমুজে।
৮. শৰীৰ দীর্ঘ সময় ধৰি আর্দ্র ৰখাত সহায় কৰে। ডিহাইড্রেচনৰ সমস্যাৰ পৰাও মুক্তি পোৱা যায়।
৯. তৰমুজে হজমশক্তি বৃদ্ধিত সহায় কৰে। গেছ, এচিডিটীৰ সমস্যা দূৰ কৰিবলৈও ই উপকাৰী।
১০. উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈও গৰমত তৰমুজ খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে।
Like this:
Like Loading...
Related