![]()
বয়স বঢ়াৰ লগে লগে আঁঠুৰ বিষৰ সমস্যাই দেখা দিয়ে। কিন্তু বৰ্তমান সময়ত কম বয়সতো বহুতে আঁঠুৰ বিষৰ সমস্যাত ভোগে। কিন্তু জীৱন-যাপনত কিছু সলনি আনিলেই আঁঠুৰ বিষৰ সমস্যা বহুখিনি কমাব পাৰে। ইয়াৰ বাবে চাওক কেইটামান ঘৰুৱা বিধান।
১) প্ৰথমতে বুজিব লাগিব বিষৰ ধৰণ। কোনো আঘাত পাই বিষ বাঢ়িছে, নে আর্থৰাইটিছ— তাক বুজাৰ চেষ্টা কৰক। যিকোনো ধৰণৰ বিষয়েই বহুখিনি নিয়ন্ত্রণত ৰাখিব পৰা যায় নিজে যত্ন ল’লে।
২) যদি বেয়াকৈ লাগি আঁঠুৰ বিষ হয়, তেন্তে সকলোতকৈ আগতে বেছি প্ৰয়োজন হ’ল বিশ্রাম। কেইদিনমান কম লৰচৰ কৰিলেই বিষ লাহে লাহে কমি থাকিব। বিশ্রামৰ সময়ত ভৰি অলপ ওখ স্থানত ৰাখক।
৩) ক’ৰবাত খুন্দা খাই বা পৰি গৈ আঁঠুত বিষ হ’লে বাৰে বাৰে বৰফ দিয়ক। লগতে আঁঠুটি টানকৈ ক্রেপ বেন্ডেজেৰে বান্ধি ৰাখক।
৪) সকলো সময়তেই আঘাত লাগিলেই যে বিষ হ’ব, তেনে নহয়। আঁঠুৰ বিষৰ এটি ডাঙৰ কাৰণ হ’ল ওজন। শৰীৰৰ ভৰ যিমান বাঢ়িব, আঁঠুৰ ওপৰত সিমানে চাপ পৰিব। তাৰ পৰাও বিষ বেছি হ’ব। সেয়ে ওজন কমোৱাৰ সকলো ধৰণৰ চেষ্টা কৰক। তাৰ ফলত সমস্যাৰ বহুখিনি সমাধান হ’ব।













