প্রোটিন বুলিলেই আমাৰ মনত প্রথমে আহে মাছ বা মাংসৰ কথা। কিন্তু ফলৰ পৰাও যে প্ৰচুৰ প্ৰোটিন পাব পাৰি সেইটো হয়তো আমি বহুতেই নাজানো৷ আহক কি কি ফলত কিমান পৰিমাণৰ প্ৰোটিন আছে এবাৰ জানি লওঁ :
১) মধুৰিআম :
মধুৰিআম যেনেদৰে সুস্বাদু ফল, তেনেদৰে উপকাৰীও। মধুৰিআমৰ ৰস বা জামো যথেষ্ট জনপ্রিয়। প্রতি ১০০ গ্রাম মধুৰিআমত থাকে ২.৬ গ্রাম প্রোটিন৷ প্রোটিনৰ উপৰি ইয়াত আছে ভিটামিন চি।
২) কমলাটেঙা :
প্রতি ১০০ গ্রাম কমলাটেঙাত থাকে ০.৯ গ্রাম প্রোটিন।
৩) কল :
কলত প্রচুৰ পৰিমাণৰ পটাচিয়াম থাকে। বিভিন্ন ধৰণৰ উপাদানৰ ভিতৰত আছে প্রোটিনো। ১০০ গ্রাম কলত থাকে ১.১ গ্রাম প্রোটিন।
৪) কিচমিচ :
আঙুৰ শুকুৱাই তৈয়াৰ কৰা হয় কিচমিচ। প্রতি ১০০ গ্রাম কিচমিচত থাকে ৩ গ্রাম প্রোটিন।
৫) খেজুৰ :
খেজুৰৰ প্রতি ১০০ গ্রামত থাকে ২.৪৫ গ্রাম প্রোটিন। ইয়াৰ উপৰি থাকে ৮ গ্রাম ফাইবাৰ।