![]()
কেইবছৰমানৰ পৰা যুৱ সম্প্রদায়ৰ মাজত হৃদৰোগত আক্ৰান্তৰ ঘটনা দ্রুততাৰে বাঢ়িছে। আহক জানি লওঁ হৃদৰোগৰ কিছু সাধাৰণ লক্ষণ সম্পর্কে৷
দাঁত বা মূৰৰ বিষ:
হার্ট এটাকৰ আগতে বহুতৰেই ডিঙি, দাঁত, মূৰৰ বিষ হ’ব পাৰে। আপোনাৰো যদি কেতিয়াবা দাঁত আৰু মূৰৰ বিষ হৈ থাকে, তেনেহ’লে ইয়াক একেবাৰেই উপেক্ষা নকৰিব। যিমান সোনকালে সম্ভৱ চিকিৎসকৰ পৰামর্শ লওক।
হৃদস্পন্দন:
হার্ট এটাক হঠাৎ আহে ঠিকেই, কিন্তু কেইদিনমান আগৰ পৰা শৰীৰত এনে কিছু পৰিৱর্তন দেখা যায়, যাক সাধাৰণতে আমি উপেক্ষা কৰো। আজিকালি অস্বাস্থ্যকৰ জীৱন-যাপনত কোনো উপসর্গই উপেক্ষা কৰা উচিত নহয়। বহু সময়ত আমাৰ হৃদস্পন্দন খুব কম বা বেছি হৈ যায়। যদি কেইছেকেণ্ডমানৰ বেছি হৃদস্পন্দন স্বাভাৱিক নাথাকে, তেনেহ’লে যিমান পাৰি সম্ভৱ সোনকালে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
গেছ বা বুকি জ্বলা:
গৱেষণাত দেখা গৈছে, হার্ট এটাকৰ পূৰ্বে বেছিভাগৰেই বদহজমৰ সমস্যা আৰু গেষ্ট্ৰোইনটেষ্টিনেল সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰি, গেছ বা বুকু জ্বলা, যাক সাধাৰণতে আমি স্বাভাবিক বদহজমৰ সমস্যা বুলি ভাবি অৱহেলা কৰো, সেয়াও কিন্তু হ’ব পাৰে হার্ট এটাকৰ ইঙ্গিত। বুকুৰ বিষ, অস্বস্তিকৰ অনুভূতি, বুকুত এঅলপ চাপ বা গধুৰ গধুৰ অনুভৱ হ’লেও কেতিয়াও উপেক্ষা নকৰিব।
নাকৰ শব্দ:
টোপনিৰ সময়ত বহুতৰেই নাকৰ শব্দৰ সমস্যা থাকে, এয়া তেনেই সাধাৰণ কথা। কিন্তু খুব জোৰে নাকৰ শব্দৰ লগতে শ্বাসৰুদ্ধ হোৱাটোও হার্ট এটাকৰ লক্ষণ। এই লক্ষণকে কোৱা হয় শ্লিপ এপনিয়া। বহু সময়ত নিশা টোপনিৰ সময়ত নিঃশ্বাস বন্ধ হৈ যায়, যিয়ে হার্টৰ ওপৰত প্রভাৱ পেলায়।
ঘাম:
অতিৰিক্ত ঘাম ওলোৱাটোও হার্ট এটাকৰ লক্ষণ হ’ব পাৰে। ঠাণ্ডা-গৰমত সদায় ঘাম ওলোৱাটো মাৰাত্মক হ’ব পাৰে। হার্ট ব্লক হ’লে ৰক্ত সঞ্চালনত হৃদপিণ্ডৰ বহু বেছি কাম কৰিবলগা হয়। আৰু, এই অতিৰিক্ত পৰিশ্রমৰ ফলত ঘামৰ সৃষ্টি হয়। সাধাৰণতে এই ঘাম ঠাণ্ডা হৈ থাকে। সেয়ে এই উপসর্গ একেবাৰেই উপেক্ষা নকৰিব।
শ্বাস লওঁতে কষ্ট হোৱা:
শ্বাস লওঁতে অসুবিধা হোৱাটো হার্ট এটাকৰ এটি সাধাৰণ লক্ষণ। যদি আপোনাৰ কেতিয়াবা শ্বাস লওঁতে সমস্যা হয়, তেন্তে লগে লগে ডাক্তৰৰ পৰামর্শ লওক।
হৃদৰোগ বিশেষজ্ঞসকলৰ মতে, হার্ট এটাক হোৱাৰ প্রায় এক মাহ আগৰ পৰাই শাৰীৰিক দুর্বলতা আৰু শ্বাস-প্রশ্বাসৰ সমস্যা আৰম্ভ হৈ যায়। সেয়ে এনেধৰণৰ সমস্যা হ’লে এৰাই নচলিব, এয়া হার্টৰ সমস্যাৰ কাৰণে হ’ব পাৰে।
কান্ধ আৰু বাঁও বাহুত বিষ:
হার্ট এটাকৰ আগতে বহুতৰেই বাঁও বাহুত, পিঠি, কান্ধ বা কঁকালত বিষৰ সমস্যা দেখা যায়। যদি আপোনাৰ তাত এই লক্ষণবোৰ দেখা যায়, তেনেহ’লে সোনকালে ডাক্তৰৰ ওচৰলৈ যাওক।
বমি হোৱা বা বমি ভাব
বমি আৰু পেটত বিষো হার্ট এটাকৰ লক্ষণ। বাৰে বাৰে বমি হোৱা, বমি বমি ভাব, মূৰ ঘূৰোৱা, পেটত বিষ হ’লে কেতিয়াও উপেক্ষা নকৰিব, চিকিৎসকৰ পৰামর্শ লওক।













