![]()
আত্মীয়-স্বজনৰ ভিতৰত বহুতেই থাইৰয়েডৰ সমস্যাত ভুগি থাকে। পুৰুষতকৈ মহিলাসকলৰ মাজত বেছি দেখা যায় এই অসুখ। থাইৰয়েড শ্বাসনলীৰ সন্মুখৰ ফালে অৱস্থিত এটি গ্রন্থি। এই গ্রন্থিৰ পৰা নিঃসৃত হৰমোনে শৰীৰৰ বিভিন্ন কাম নিয়ন্ত্রণ কৰে। যেনে- বিপাক ক্রিয়া, শিশুসকলৰ স্বাভাৱিক বৃদ্ধি, বুদ্ধিৰ বিকাশ, বয়ঃসন্ধিৰ লক্ষণ, মহিলাসকলৰ ক্ষেত্রত ঋতুচক্র, গর্ভধাৰণ।
থাইৰয়েড হৰমোন দুই প্রকাৰৰ— টি-থ্রি আৰু টি-ফ’ৰ। থাইৰয়েডৰ সমস্যা মূলত দুই ধৰণৰ—
১) হাইপাৰ-থাইৰয়েডিজম :
এই ক্ষেত্রত ৰক্তত থাইৰয়েড নিঃসৃত হৰমোনৰ পৰিমাণ বাঢ়ি যায়।
২) হাইপো-থাইৰয়েডিজম :
এই ক্ষেত্রত ৰক্তত থাইৰয়েড নিঃসৃত হৰমোনৰ পৰিমাণ কমি যায়।
শৰীৰত থাইৰয়েডৰ সমস্যাই দেখা দিলে অতিৰিক্ত ক্লান্তি, ওজন বৃদ্ধি পোৱা, ঠাণ্ডা লাগি থকা, চুলি সৰাৰ দৰে কিছু লক্ষণ ধৰা পৰে। ইয়াৰ উপৰি থাইৰয়েডত আক্রান্ত হ’লে নখতো কিছু পৰিবর্তন দেখা যায়। দীর্ঘ দিন ধৰি নখৰ বৃদ্ধি নহ’লে আৰু অলপতেই নখ ভাঙি যোৱাৰ প্রৱণতা থাইৰয়েডৰ অন্যতম লক্ষণ।
হাইপো-থাইৰয়েডিজমৰ কাৰণে শৰীৰৰ সকলো ক্রিয়াকলাপেই লেহেমীয়া হৈ যায়। নখতো ইয়াৰ প্রভাব পৰে। নখ সোনকালে ভাঙি যায়। নখৰ বৃদ্ধিৰ হাৰো খুব কম হয়। ‘আমেৰিকান একাডেমি অব ডার্মাটোলজি এছোচিয়েচন’ৰ মতে, থাইৰয়েডে ঘামৰ মাত্রা নিয়ন্ত্রণ কৰে। ঘাম কম হয়। থাইৰয়েড হ’লে নখ, চুলি, ছাল বেছি শুষ্ক হৈ পৰে। ফলত সেয়া সোনকালে ক্ষতিগ্রস্ত হৈ পৰে।













