![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
দীৰ্ঘদিনে ৰাজ্যত বাহৰ পাতি থকা দুই মাওবাদী সদস্য তথা দুৰ্ধৰ্ষ কেদাৰ অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ। ধৃত দুৰ্ধৰ্ষ কেদাৰ দুজন ক্ৰমে মাওবাদী কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ ওৰফে কনক(৭২) আৰু ৰাজ্যিক কমিটিৰ সদস্য আকাশ ওৰাং ওৰফে ৰাহুল ওৰফে কাজলক। দেওবাৰে সন্ধিয়া কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিছা পৰা গ্ৰেপ্তাৰ কৰে। সোমবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত আৰক্ষী চাউনীত সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয় ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত মাওবাদীয়ে বাহৰ পাতি থকাৰ খবৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ডিচেম্বৰতে জনাইছিল। সেই খবৰৰ ভিত্তিত অসম আৰক্ষীয়ে ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমূহত অভিযান চলাইছিল।
শেষত দেওবাৰে কাছাৰত চলা অভিযানত মাওবাদীৰ দুই দুৰ্ধৰ্ষ কেদাৰ আৰক্ষীৰ জালত পৰে। ধৃত দুধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য পৰা আৰক্ষীয়ে নগদ ৩ লাখ ৬০হাজাৰ টকা আৰু বহু আপত্তিজনক নথিপত্ৰ, লেপটপ, মোবাইল ডিভাইচ, কিতাপ আদি জব্দ কৰে। দুৰ্ধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্যই পশ্চিমবংগ হাওৰা নিবাসী যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ কূটাঘাট কৰা উদ্দেশ্য লৈ দীৰ্ঘদিনে ৰাজ্যত বাহৰ পাতিছিল।
তদুপৰি অসমত চিপিআই মাওবাদী ৰাজ্যিক সমিতি গঠনে ঝাৰখণ্ড, চণ্ডীৰগড়, তেলংগনা, ওড়িশা আদি ৰাজ্যক সাঙুৰি লোৱাৰ পৰিকল্পনা কৰিছিল। তেওঁৰ বিৰুদ্ধে বিভিন্ন স্থানত প্ৰায় ২০০টা গোচৰ ৰুজু হৈ থকা কথা আয়ুক্ত সিঙে কয়। উল্লেখ্য যে আয়ুক্তগৰাকীয়ে জানিব দিয়া মতে ধৃত মাওবাদী কেডাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য মূৰ মূল্য ৩কোটি টকা ধার্য কৰা হৈছিল।
ইফালে ‘নিয়া’ৰ তদন্তৰ আওতালৈ আহিব মাওবাদী দুৰ্ধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য আৰু আকাশ ওৰাং। বৰ্তমান অপৰাধ অনুসন্ধান শাখাৰ ০২/২২ গোচৰ নম্বৰত জেৰা কৰি থকা হৈছে। গুৱাহাটীতে ৰখা হৈছে দুই মাওঁবাদীক।












