![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত বন বিভাগৰ মুখ্য কাৰ্যালয় অৰণ্য ভৱনৰ সন্মুখত প্ৰতিবাদ। বন বিভাগৰ ১০৪টাকৈ কনিষ্টবলৰ পদত শীঘ্ৰে নিযুক্তিৰ দাবীত উৰ্ত্তীণ প্ৰাৰ্থীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতেই নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলে বিগত ৬ বছৰে লাভ নকৰিলে কনিষ্টবল পদৰ নিযুক্তি পত্ৰ।
২০১৪ চনতে অসম চৰকাৰৰ বন বিভাগে নিযুক্তিৰ বাবে জাৰি কৰিছিল বিজ্ঞাপন। সেই অনুসৰি শাৰীৰিক আৰু মৌখিক পৰীক্ষা ভিত্তিত নিযুক্তি বাবে বাছনি কৰা হৈছিল প্ৰাৰ্থীসকলক। কিন্তু অতি পৰিত্ৰাপৰ কথা যে আজি পৰ্যন্ত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব নোৱাৰিলে বন বিভাগে। মুখ্যমন্ত্ৰী সোণোৱালৰ কাৰ্যাকালৰ শেষৰফালে পৰীক্ষাৰ ফলাফল ঘোষণা কৰি ১০৪টা পদত শীঘ্ৰে নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিছিল বিভাগক। কিন্তু সেইসময়ৰ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ অমান্য কৰি বিভাগে ঘোষণা তথা নিযুক্তি নিদিলে এই উৰ্ত্তীণ প্ৰাৰ্থীসকলক।
অসম চৰকাৰ হায় হায়, বন বিভাগ হায় হায়, আমাক শীঘ্ৰে নিযুক্তি দিয়ক আদি বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি শুকুৰবাৰে প্ৰাৰ্থীসকলে বন বিভাগৰ মুখ কাৰ্যালয় উত্তাল কৰি তোলে। প্ৰায় অৰ্ধ শতাধিক প্ৰাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়তো হস্তক্ষেপ কৰি নিযুক্তিৰ দাবী জনায়।












