নিউজ ডেস্কঃ
এইবাৰ চীনা সেনাই এগৰাকী অৰুণাচলী কিশোৰক অপহৰণৰ অভিযোগ উঠিল৷ অৰুণাচলৰ চিয়াং জিলাৰ এখন গাঁৱৰ পৰা ১৭ বছৰীয়া কিশোৰজনক অপহৰণৰ অভিযোগ চীনা সেনাৰ বিৰুদ্ধে। এই অভিযোগ ৰাজ্যখনৰ বিজেপি সাংসদ তাপিৰ গায়োৰ।
সাংসদগৰাকীয়ে টুইটাৰত জনোৱা মতে, মিৰোম তাৰোন নামৰ কিশোৰজনক মঙ্গলবাৰে অপহৰণ কৰে চীনা সেনাই। সংবাদ সংস্থা পিটিআইক সাংসদজনে জনোৱা মতে, মিৰামক চীনৰ পিপলছ লিবাৰেচন আর্মিয়ে অপহৰণ কৰিলেও তেওঁৰ এজন বন্ধু পলাই আহিবলৈ সক্ষম হয়। অৰুণাচল প্রদেশৰ চাংপো নদীৰ পাৰৰ পৰা কিশোৰ দুজনক চীনা সেনাই আটক কৰা বুলিও তেওঁৰ দাবী।
অপহৃত কিশোৰজনক তৎকালে উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈও তেওঁ ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছে।