ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ ২৮ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্রীক সম্বৰ্ধনা জনোৱা হয়।
জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত শিক্ষক দিৱসৰ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাৰতবর্ষৰ প্ৰাক্তন ৰাষ্ট্রপতি দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে, শিক্ষাগুৰু সকলে আমাৰ সমাজত পোহৰ বিলাই সমাজখনক আগবঢ়াই লৈ যায়। প্ৰতিগৰাকী সফল ব্যক্তিৰ আঁৰত শিক্ষাগুৰু সকলৰ ত্যাগ আৰু চেষ্টা নিহিত হৈ থাকে বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে।
উক্ত অনুষ্ঠানত ‘শিক্ষাৰত্ন’ নামেৰে এখনি পুস্তিকা উন্মোচন কৰা হয়। সভাত শিক্ষাবিদ ডঃ খৰ্গেশ্বৰ ভূঞা, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই ভাষণ প্ৰদান কৰে৷












