[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
নগাঁওঃ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ পাঁচজনীয়া সদস্যৰ এটি দল আজি নগাঁৱত উপস্হিত হয় । দলটোৱে পুৱাৰ ভাগত নগাঁৱত উপস্হিত হৈ জিলাখনৰ পাখিমৰীয়া উন্নয়ন খণ্ড আৰু নগাঁও পৌৰসভাত ইতিপূৰ্বে ৰূপায়িত কেইবাখনো আচনি পৰিদৰ্শন কৰে । পিছত দলটোৱে নগাঁও জিলা পৰিষদ আৰু নগাঁও পৌৰসভাৰ বিষয়া সকলৰ লগত এক বৈঠকত অংশ গ্ৰহণ কৰে ।
বৈঠকত নগাঁৱৰ উপায়ুক্তৰ লগতে জিলা প্ৰশানৰ বিষয়া বৰ্গ উপস্হিত থাকে । জানিব পৰা মতে ২০১০ চনত কংগ্ৰেছৰ আমোলত নগাঁও জিলাৰ ৮৯ পঞ্চায়ত কাৰ্যালয়লৈ চৰকাৰৰ পৰা এটাকৈ কম্পিউটাৰ আবন্টন হৈছিল । কিন্তু সেই পঞ্চায়ত কাৰ্যালয় সমুহত বিদ্যুৎ সংযোগ নথকাত কম্পিউটাৰ সমুহ ব্যৱহাৰ হোৱা নাছিল ।
তথাপিও এটা বছৰৰ পিছত উক্ত কম্পিউটাৰ সমুহৰ বাৰ্ষিক মেৰামতিৰ নামত জিলা পৰিষদৰ কাৰ্যালয়ে বৃহৎ পৰিমাণৰ পূঁজি খৰচ দেখুৱায়। জিলা পৰিষদ কাৰ্যালয়ত পূঁজিৰ এনে অপব্যৱহাৰৰ কথা ‘কেগ’ৰ প্ৰতিবেদনত পোহৰলৈ আহে ।
ইফালে কংগ্ৰেছৰ আমোলত নগাঁও পৌৰসভালৈ বজাৰ নিৰ্মানৰ বাবে আবন্টিত কেইবাকোটি টকা দীৰ্ঘদিন বেংকত জমা ৰখাৰ পিছত খৰচ কৰিব নোৱাৰি চৰকাৰলৈ উভতাই পঠিয়ায় যদিও সেই ধনখিনিৰ পৰা বেংকে দিয়া সুদৰ ধন ৰাখি থয় ।
এতিয়া উক্ত সুদৰ ধন খিনি পৌৰসভাক ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। আনহাতে নগাঁৱত কম্পিউটাৰ যোগান ধৰা এ চি এল নামৰ কোম্পানীটোৰ বিৰুদ্ধে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক আৰক্ষীক এজাহাৰ দিবলৈ সদন সমিতিয়ে নিৰ্দেশ দিয়ে।
বিধায়ক বিনন্দ শইকীয়া অধ্যক্ষতাত নগাঁৱলৈ অহা ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বাকী সদস্য কেইগৰাকী হৈছে বিধায়ক সকল ক্ৰমে ভূৱন পেগু, নুৰুল হুদা , চাহাবুদ্দিন আহমেদ আৰু অশোক কুমাৰ সিংভী। দলটোক নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই সংগদান কৰে।












