[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
নিউজ ডেস্কঃ অসমৰ প্ৰথমজন অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱা৷ ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক প্ৰাপ্ত ভোগেশ্বৰ বৰুৱাৰ সফলতাৰ কাহিনী যিদৰে ৰোমাঞ্চকৰ তেনেদৰে নতুন পুৰুষৰ বাবে প্ৰেৰণাৰ উৎস৷
উল্লেখযোগ্য যে বেংককত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভোগেশ্বৰ বৰুৱাৰ বিষয়ে আজি পৰ্যন্ত কোনো গ্ৰন্থ প্ৰকাশ পোৱা নাই৷ এনে সময়তে বিশিষ্ট চকু চিকিৎসক ডাঃ নাৰায়ণ বৰদলৈৰ সৈতে হোৱা কথোপকথনত ভোগেশ্বৰ বৰুৱাৰ আত্মকথা “সোণালী দৌৰ” নামৰ এখন গ্ৰন্থ প্ৰকাশ পালে৷
এই গ্ৰন্থখন ৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে উন্মোচন কৰে৷ অভিৰুচী ক্ৰীড়া দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ ত্যাগবীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত গ্ৰন্থখন উন্মোচন কৰা হয়৷
যোৰহাটৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক বিপ্লৱ বৰুৱাৰ প্ৰকাশন প্ৰতিষ্ঠান “বেদকণ্ঠ”ই এই গ্ৰন্থখন প্ৰকাশ কৰিছে৷ ভোগেশ্বৰ বৰুৱাৰ বহু গুৰুত্বপূৰ্ণ ছবিসহ প্ৰকাশ পোৱা গ্ৰন্থখন মুঠ ২১৫ পৃষ্ঠাৰ৷ মূল্য ২৫০ টকা৷