ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী বোকাখাতৰ সোনমাই শইকীয়াৰ পৰলোক

ASSAM TIMES POST by ASSAM TIMES POST
September 3, 2019
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী বোকাখাতৰ সোনমাই শইকীয়াৰ পৰলোক

[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

অজন্তা তালুকদাৰ, বোকাখাতঃ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত বোকাখাতৰ নামদৈয়াং নিম্ন প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী সোনমাই শইকীয়াৰ আজি নিজা বাসভৱনত পুৱা ৮০ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যু হয়। ১৯৩৯ চনৰ ১ ফেব্ৰুৱাৰীত যোৰহাট চাৰিগাঁও ভৰালী চুক গাঁৱত জন্ম লাভ কৰা কৃতি শিক্ষয়িত্ৰী জনপ্ৰিয় আৰু সৰবৰহী মহিলা সোনমাই শইকীয়াই প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা যোৰহাটতেই সমাপ্ত কৰাৰ পাছত ১৯৬৬ চনত যোৰহাটৰ ১৮ নং কাঠনিয়াৰকুৰি প্ৰাথমিক বিদ্যালয়ত সহ-শিক্ষয়িত্ৰী হিচাপে চাকৰি জীৱনৰ পাতনি মেলে ৷

সোনমাই শইকীয়াই ১৯৬৮ চনত বোকাখাত ম’হমাইকী গাঁৱৰ বিদ্যাধৰ শইকীয়াৰ লগত বিবাহ পাশত আবদ্ধ ৷ সেই সূত্ৰেই চাকৰিও বদলি কৰি বোকাখাতৰ নামদৈয়াং নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত সহ-শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে ৷ পৰিয়াল পৰিচালনা আৰু এগৰাকী কৃতী শিক্ষয়িত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ মাজতে সোনমাই শইকীয়াই শিৱপ্ৰসাদ হৰিপ্ৰসাদ, লক্ষীপ্ৰসাদ, কামাখ্যাপ্ৰসাদ আৰু অনন্তপ্ৰসাদ শইকীয়া নামেৰে পাঁচটি পুত্ৰ সন্তান জন্ম দিয়াৰ লগতে সন্তান কেইটিকো সু-শিক্ষিত কৰাৰ দায়িত্ব চম্ভালে ৷

ইয়াৰ মাজতেই নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ ফলত সোনমাই শইকীয়া সহ-শিক্ষয়িত্ৰীৰ পৰা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদলৈ উন্নীত হয় ৷ শিক্ষকতাৰ বাবে কেইবাৰো জিলা পৰ্যায়ত কৃতী শিক্ষকৰ সন্মান লাভ কৰাৰ উপৰিও ৰাজ্যিক পৰ্যায়তো সন্মান লাভ কৰে ৷ ৰাষ্ট্ৰীয় পৰ্যায়তো কৃতী শিক্ষয়িত্ৰী হিচাপে ১৯৯৩ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ পৰা ৰাষ্ট্ৰপতি বঁটা গ্ৰহণ কৰিছিল সোনমাই শইকীয়াই ৷ শিক্ষকতাৰ মাজতে সোনমাই শইকীয়া সামাজিকভাৱেও কেইবাটাও ৰাজহুৱা সংগঠনৰ লগত জড়িত আছিল ৷

বোকাখাত পুৱতি সাহিত্য সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত কেন্দ্ৰীয় মহিলা সমিতি আদিৰ দৰে বহু সংগঠনৰ নেতৃত্ব বহন কৰিছিল ৷ প্ৰধান শিক্ষয়িত্ৰী হিচাপে ১৯৯৮ চনত নামদৈয়াং নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে কৃতী শিক্ষয়িত্ৰী সোনমাই শইকীয়াই ৷ অৱসৰৰ পাছতেই সোনমাই শইকীয়া সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে ৷

কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ ২০০৪ চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্যা হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বোকাখাত জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈ ৰাইজৰ সেৱাত নিজকে মনোনিৱেশ কৰে ৷ আজি পুৱা ৮-১৫ বজাত সোনমাই শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধ আহি ভিৰ কৰা পৰিলক্ষিত হয় ৷ তেওঁৰ বাসগৃহতেই বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত সাংস্কৃতিক মহাসভা, বোকাখাত জিলা মইনা পাৰিজাত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বোকাখাত জিলা সমিতি, বোকাখাত বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থা, পুৱতি সাহিত্য সভা আদি সংগঠনে শেষ শ্ৰদ্ধা জনায় ৷

ইয়াৰ পাছতেই প্ৰথমে সোনমাই শইকীয়াৰ মৃতদেহ তেওঁ শিক্ষকতা কৰা নামদৈয়াং নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়লৈ নিয়া হয় ৷ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে মুঙ্গীলাল কৃষ্ণাদেৱী বালিকা প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষ, বোকাখাত কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষ, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

পৰৱৰ্তী সময়ত সোনমাই শইকীয়াৰ মৃতদেহ বোকাখাত কংগ্ৰেছৰ গান্ধী ভৱনলৈ অনা হয় ৷ গান্ধী ভৱনত বোকাখাত ব্লক কংগ্ৰেছ কমিটি, বোকাখাত মহিলা কংগ্ৰেছ কমিটি, চাহ মজদুৰ সংঘ, বোকাখাত শাখা, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ সোনমাই শইকীয়াৰ মৃত্যুত বোকাখাতৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ৷

Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx