[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
নগাঁওঃ বিদেশী সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত হোৱা অসম চুক্তিখন ৰাজ্যখনৰ দল মত নিৰ্বিশেষে সকলোৱে মানি লৈছে। এই চুক্তিৰ আধাৰতেই আছুকে ধৰি চুক্তি স্বাক্ষৰকাৰী সকলোৱে বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ বাবে চেষ্টা চলাই আহিছে। শেহতীয়াকৈ এন আৰ চিৰ জৰিয়তে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্যখনত এন আৰ চি প্ৰস্তুতৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। যাৰ বাবে এন আৰ চিৰ গুৰুত্ব বাঢ়িছে।
আজি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে কংগ্ৰেছৰ দিনত আৰম্ভ হোৱা এন আৰ চি প্ৰস্তুতৰ দায়িত্ব উত্তৰাধিকাৰী সুত্ৰে বিজেপি চৰকাৰে লাভ কৰিছে। এতিয়া বিজেপিয়ে ক্ৰেডিট লোৱাৰ কি অৰ্থ বুলি প্ৰশ্ন কৰি ৰকিবুল হুছেইনে কয় যে এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ পিছত ৪০ লাখ মানুহৰ নাম কটা যোৱাত এক ধুঁৱলী কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰা হৈছিল।
আনকি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এন আৰ চিত নাম বাদ পৰা এই সকল লোকক অবৈধ অনুপ্ৰবেশকাৰী আখ্যা দিছিল। এতিয়া চুড়ান্ত তালিকা প্ৰকাশৰ পিছত বিজেপি দলে পাকে প্ৰকাৰে এন আৰ চিক নস্যাৎ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি হুছেইনে কয় যে অসমৰ বিদেশী নাগৰিকৰ স্থায়ী সমাধান হলে বিজেপিৰ ৰাজনীতি নচলে। বিজেপিয়ে ধাৰণা কৰা অনুসৰি যদি এন আৰ চিৰ চুড়ান্ত তালিকাত বিদেশী মানুহৰ নাম সোমাইছে, তেন্তে তেওঁলোকে আগতীয়াকৈ আপত্তি নকৰিলে কিয়। উচ্চতম ন্যায়ালয়ে লোৱা শুনানিৰ সময়ত উপস্থিত থকা ৰাজ্য চৰকাৰৰ মহাধিবক্তা গৰাকীয়ে এন আৰ চিত থকা আসোঁৱাহ সমুহৰ বিষয়ে কিয় আপত্তি নকৰিলে বুলি হুছেইনে প্ৰশ্ন কৰে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অহা কোনো বিদেশী লোকক কংগ্ৰেছে মানি নলয় আৰু ইয়াৰ আগেয়ে অহা বৈধ ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাটো কংগ্ৰেছে মানি নলয়।
যদি কোনো ভাৰতীয়ৰ নাম এন আৰ চিৰ তালিকাৰ পৰা বাদ পৰিছে, তাৰ বাবে দায়ী বিজেপি চৰকাৰ। ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীৰ কথা উল্লেখ কৰি হুছেইনে কয় যে মন্ত্ৰীজনে কোন জিলাত কিমান মানুহ বাদ পৰিব লাগিছিল, সেই কথা কৈ ঠাইৰ বদনাম কৰাৰ লগতে ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে।
এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত খেলিমেলি হোৱা বুলি অভিযোগ তুলি বিজেপিয়ে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দোষাৰোপ কৰিব বিচাৰিছে। এন আৰ চি উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলিছিল যদিও ইয়াৰ ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰ আৰু বিষয়া কৰ্মচাৰীৰ। এনে ক্ষেত্ৰত প্ৰতীক হাজেলাক দোষাৰোপ কৰাটো ৰাজ্য চৰকাৰৰ দুমুখীয়া স্থিতি বু্লি কটাক্ষ কৰে ৰকিবুল হুছেইনে। সংবাদ মেল উপস্থিত থাকি বিধায়ক নুৰুল হুদাই কয় যে এন আৰ চিক লৈ বিজেপিয়ে মানুহক আবেগিক কৰিব বিচাৰিছে। মানুহক শুনানীৰ নামত ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ মাতি পৰীক্ষা নিৰীক্ষাৰ পিছত এন আৰ চিত কিবা যদি ভূল আছে তাৰ বাবে চৰকাৰ জগৰীয়া বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।
আনহাতে, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কয় যে এন আৰ চিত বহু খিলঞ্জীয়া মানুহৰ নাম বাদ পৰিছে। এতিয়া বাদ পৰা মানুহক লৈ হিন্দুত্বৰ নামত ৰাইজক প্ৰতাৰণা কৰিছে বুলি কটাক্ষ কৰে। উক্ত সংবাদ মেলত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে।












