[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাটৰ জনপ্ৰিয় বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অপূৰ্ব হাজৰিকাৰ আজি দেহাৱসান ঘটে৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা কিছুদিন ধৰি শয্যাশায়ী অৱস্থাত থকা বিশিষ্ট চিকিৎসকগৰাকীয়ে সোমবাৰে গোলাঘাট চান্দমাৰীৰ নিজা বাসগৃহত ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুত গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰে৷ দুখীয়াৰ বন্ধুৰূপে গোলাঘাটত পৰিচিত মানৱ দৰদী বিশিষ্ট চিকিৎসক গৰাকী সামাজিক কামকাজৰ লগতো জড়িত আছিল৷ এগৰাকী সমাজকৰ্মী ৰূপে খ্যাতি লাভ কৰা ডাঃ হাজৰিকা স্বেচ্ছাসেৱী সংগঠন “কৰুণানিধি”ৰ সৈতেও জড়িত হৈ সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সম্পাদকৰূপেও দীৰ্ঘদিন সেৱা আগবঢ়াই গৈছে৷ তেওঁ অসম চিকিৎসা সেৱা সন্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ ডাঃ হাজৰিকাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ, তিনিগৰাকী কন্যাসন্তানসহ বহু আত্মীয় স্বজনক এৰি গৈছে৷ তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি,সংগঠন আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷












