[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ২০১৫ বৰ্ষৰ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনা, অৰ্থাৎ ৫ জুনত এদল প্ৰকৃতিপ্ৰেমী আৰু সমাজপ্ৰেমী নৱীন প্ৰৱীণক লৈ জন্ম গ্ৰহণ কৰা গ্ৰাছ, বোকাখাত নামৰ প্ৰকৃতি বিষয়ক স্বেচ্ছাসেৱী সংগঠনটোৱে অতি নিষ্ঠাৰে বোকাখাত আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত সেৱা আগবঢ়াই আহিছে প্ৰকৃতিক সুৰক্ষা দিয়াৰ স্বাৰ্থত। স্বেচ্ছাসেৱী সংগঠনটোৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বজাৰ, কাৰ্যালয়, চিকিৎসালয় আৰু বিদ্যালয় চৌহদ, ৰাষ্টাৰ দাঁতিত বিগত চাৰিটা বৰ্ষত ৫০,০০০ ৰো অধিক গছপুলি ৰোপণ কৰি এক শক্তিশালী সেউজ বিপ্লৱ গঢ়ি তুলি প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাত সহায়ক হৈছে।
অন্য কথাত বোকাখাতত এক সেউজ নৱজাগৰণৰ সূত্ৰপাত কৰিছে গ্ৰাছে। সেউজ বিপ্লৱ গঢ়ি তুলিবলৈ প্ৰতি বছৰে গ্ৰাছৰ উদ্যোগত প্ৰেৰণামূলক গ্ৰাছ গ্ৰীণ বঁটা, বিদ্যালয়সমূহৰ নিৰ্মল পাৰিপাৰ্শ্বিকতাৰ বাবে কাম কৰি যোৱা সকলক উৎসাহিত কৰিবলৈ গ্ৰাছ নিৰ্মল বঁটা আৰু নাৰী সৱলীকৰণৰ শিতানত গ্ৰাছ ৱ’মেন বঁটা আগবঢ়াই সমাজৰ বাবে কাম কৰি যাবলৈ উদ্দীপনা যোগাই আহিছে বহুজনক। জন্ম লগ্নৰে পৰা গ্ৰাছে পিছপৰা ভিতৰুৱা অঞ্চল সমূহত গোলকীয় উষ্ণতা বৃদ্ধি আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বিষয়ে সতৰ্কতামূলক আৰু সজাগতামূলক অনুষ্ঠানৰ লগতে মানৱ সম্পদৰ দক্ষতা বিকাশৰ বাবেও অলেখ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে।
শেহতীয়াকৈ নুমলীগড় শোধনাগাৰৰ আৰ্থিক সাহায্যত আৰু গ্ৰাছৰ উদ্যোগত যোৱা ১ আৰু ২ চেপ্তেম্বৰত বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত দুহেজাৰ গছপুলিৰ এলানি বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। গাঁওবুঢ়া নোমল চন্দ্ৰ লয়িঙে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ অধীনত যোৱা ১ চেপ্তেম্বৰত ৰঙামাটি মৌজাৰ নামটেমেৰা যুৱ মঞ্চ আৰু ৰাইজৰ সহযোগত নামটেমেৰা গাঁৱৰ মুক্তিযোদ্ধা চেনিচন্দ্ৰ লয়িং পথৰ ১ কিলোমিটাৰ দৈৰ্ঘ্যত ফল মূল আৰু ঔষধি গছৰ ৫০০ গছপুলি ৰোপণ কৰা হয়।
এই বৃক্ষৰোপণ অনুষ্ঠানত গ্ৰাছৰ সভাপতি সম্পাদকদ্বয় ক্ৰমে অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰা, যুৱ মঞ্চৰ ইভান লয়িং, নামটেমেৰাৰ ৱাৰ্ড সদস্য ৰাণা লয়িং, খুমটাই ৰাজহ চক্ৰ তথা নামটেমেৰাৰ লাট মণ্ডল ভাস্কৰ লয়িং উপস্থিত থাকি বক্তব্য আগবঢ়ায়। একেদিনাই বোকাখাত মহকুমাৰ যুগনিয়া অঞ্চলৰ এচোৱা দীৰ্ঘ পথ আৰু ৰজাবাৰী খতিয়াখলি সংযোগী পথ দুয়োটি পথৰ দুইপাৰৰ দাঁতিত গ্ৰাছৰ উদ্যোগত গছপুলি ৰোপণ কৰা হয়।

ইফালে আজি একে কাৰ্যসূচীৰ অধীনত বোকাখাত মহকুমাৰ লখৌজান ৰজাবাৰী অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান নুমলীগড় জুনিয়ৰ কলেজ চৌহদত পুনৰ ১০০ গছপুলি ৰোপণ কৰা হয়। বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা° ভাৰত ফুকনে শুভাৰম্ভ কৰা আজিৰ এই বৃক্ষৰোপণ অনুষ্ঠানৰ আঁত ধৰে নুমলীগড় জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সম্পাদক তথা গ্ৰাছৰ অন্যতম সক্ৰিয় সদস্য অমৰ শৰ্মাই।
অনুষ্ঠানত গ্ৰাছৰ সভাপতি সম্পাদকদ্বয় ক্ৰমে অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰা, নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ আৰু সামাজিক উন্নয়ন বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক বিশ্বমোহন বুঢ়াগোহাঁই, জুনিয়ৰ কলেজখনৰ পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে বিজয় সন্দিকৈ আৰু মনালিছা শইকীয়া, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি বৃক্ষৰোপণ কাৰ্যসূচী সফল কৰি তোলে।
গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰে জানিবলৈ দিয়া মতে অহা ৮ চেপ্তেম্বৰ, দেওবাৰে পুনৰ নামটেমেৰা গাঁৱত দ্বিতীয় বাৰৰ বাবে ৩০০ গছপুলি ৰোপণ কৰা হ’ব, লগতে নামটেমেৰা গাঁৱত গ্ৰাছৰ এটি শাখা প্ৰতিষ্ঠা কৰা হ’ব। উল্লেখ্য যে দেশৰ দুই বৃহৎ প্ৰাকৃতিক সম্পদৰ প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ আয়োগ আৰু নুমলীগড় শোধনাগাৰৰ আস্থাভাজন স্বেচ্ছাসেৱী সংগঠন গ্ৰাছৰ অধীনত থকা মৃতদেহ পৰিবাহী বাহনখন অতি নূন্যতম মূল্যৰ বিনিময়ত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলে সম্পূৰ্ণ বিনামূলীয়াকৈ জৰুৰী সময়ত ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰিছে।
গ্ৰাছৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ৰূপায়ণৰ দ্বাৰা বিভিন্ন সময়ত বোকাখাতৰ লগতে চিনামৰাৰ অ’ এন জি চিৰ কাৰ্যালয় আৰু আবাসিক চৌহদ আৰু দাঁতি কাষৰীয়া বহু ভিতৰুৱা অঞ্চলৰ গৰিষ্ঠসংখ্যক লোক উপকৃত হৈছে। গ্ৰাছ সেয়েহে স্থানীয় মহলত এক বহুল চৰ্চিত নাম।












