[captainform id=”1286858″ lightbox=”1″ miliseconds=”2000″ type=”auto-popup”]
ASSAM TIMES POST
শিৱসাগৰঃ ৰাজ্যৰ জনসাধাৰণৰ বিভিন্ন সমস্যাৰ জৰুৰী সমাধানৰ দাবীত সোমবাৰে চিপিআয়ে ৰাজ্যজুৰি ৰূপায়ণ কৰা গণ বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখটো দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। অৱস্থান ধৰ্মঘটত চিপিআইৰ নেতা ধৰ্ম বৰুৱা, মুহি বৰুৱা, কনক গগৈ, জিলা সহকাৰী সম্পাদক মণি বুঢ়াগোহাঁই, কৃষক নেতা মদন বৰুৱা, যোগেশ বুঢ়াগোহাঁই, যুৱ নেতা অনুপ গগৈ, মহিলা নেত্ৰী অনুৰাধা গোহাঁইৰ লগতে জিলাখনৰ শতাধিক নেতা-কৰ্মী উপস্থিত থাকে।
ইয়াত চিপিআইৰ নেতাসকলে চৰকাৰক সমালোচনা কৰি কয় যে চৰকাৰৰ ভুল নীতিৰ বাবেই আজি দেশে অৰ্থনৈতিক মন্দা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে। জিএছটি আৰু বিমুদ্ৰাকৰণৰ ফলত আজি লাখ লাখ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া হৈছে। ইফালে, এনআৰচিত সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে যিসকল বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম বিদেশী ন্যায়াধীকৰণৰ যোগেদি আঁতৰোৱাৰ দাবী জনাই চিপিআয়ে।
মূল্যবৃদ্ধি ৰোধ কৰা,নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিল, নিখুঁত এন আৰচি প্ৰকাশ কৰি বিদেশী বিতাৰণ কৰা, বান–গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা, আলফা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা, নিবনুৱা সমস্যা ৰোধ কৰা, তৈল আৰু গেছক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক হস্তান্তৰকৰণ বন্ধ কৰা, জাগীৰোড আৰু কাছাৰৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰা, টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে দৰমহা মুকলি কৰি দিয়া, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, কৃষকৰ দখলীকৃত মাটিৰ পট্টা দিয়া, স্বামীনাথন আয়োগৰ পৰামৰ্শ সমূহ কাৰ্যকাৰী কৰা, ৰাজ্যৰ শোচনীয় পথ আৰু উপ-পথ সমূহ শীঘ্ৰে পুনৰ নিৰ্মাণ কৰাৰ দাবীত এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰে এই সমস্যাসমূহ সমাধান নকৰা পৰ্যন্ত সমগ্ৰ ৰাজ্যত এই আন্দোলন তীব্ৰতৰ কৰিব বুলি জানিবলৈ দিয়ে চিপিআইৰ নেতা কনক গগৈয়ে।












