ASSAM TIMES POST
নগাঁও: নগাঁও চহৰৰ খ্ৰীষ্টানপিট্ট এম ডি ৰোডত শ্ৰীমন্ত শঙ্কৰদেৱ নেত্ৰালয়ৰ এটি শাখা আজি মুকলি কৰা হয়।
ভিজন চেন্টাৰ নামৰ এই শাখাটি মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
উক্ত অনুষ্ঠানত গুৱাহাটীস্থ শঙ্কৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ ডাঃ হৰ্ষ ভট্টাচাৰ্য, সঞ্চালক ডাঃ কস্তুৰী ভট্টাচাৰ্য, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ এ চি পাটৰ, বিশিষ্ট চকু বিশেষজ্ঞ ডাঃ জয়ন্ত বৰুৱা, সুব্ৰত পালকে প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।











