ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত বােকাখাত জিলা সাহিত্য শাখা সমিতি আৰু কমাৰগাঁও মহাবিদ্যালয়ৰ সহযোগিতাত যোৱা ৩১ আগষ্টত এদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে কমাৰগাঁও মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্রেক্ষাগৃহত “জ্যোতিপ্ৰসাদ আগৰৱালাৰ শঙ্কৰদেৱ অধ্যয়ণ” শীর্ষক এক কেন্দ্রীয় বক্তৃতানুষ্ঠান সফলতাৰে সম্পন্ন হৈ যায়।

কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° গায়ত্রী বৰা কাকতি আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ সম্পাদক মৃণাল কুমাৰ বৰুৱাই আঁত ধৰা বক্তৃতানুষ্ঠানখনি এটি বৰগীতেৰে সূচনা কৰে শিল্পী ৰিজু হাজৰিকাই। অনুষ্ঠানটিৰ আদৰণী ভাষণ প্রদান কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজুলি বৰচেতিয়াই।

বক্তৃতানুষ্ঠান খনি সঞ্চালনা কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ সভাপতি ড° সুৰেশ চন্দ্র বৰাই। বক্তৃতানুষ্ঠান খনি শুভ উদ্ধোধন কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুখ্য উপদেষ্টা ভবেন্দ্রনাথ ডেকাই এক সাৰুৱা আৰু তত্ত্বগধুৰ বক্তব্য প্রদান কৰে। নিদিষ্ট বক্তা ৰূপে অংশ লৈ অভয়াপুৰী মহাবিদ্যালয়ৰ সহযােগী অধ্যাপক ড° জগত চন্দ্ৰ কলিতাই “জ্যোতিপ্ৰসাদ আগৰৱালাৰ শঙ্কৰদেৱ অধ্যয়ণ” শীর্ষক এক মন্ত্রমুগ্ধ আৰু তথ্য সম্বলিত এক ভাষণ প্রদান কৰে।

মুখ্য অতিথি ৰূপে অংশ লৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে নিজ ভাষণত শ্ৰীমন্তশঙ্কৰদেৱ আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনেৰে দুয়ােজন মহান ব্যক্তিৰ গুণানুকীৰ্তন কৰি শিক্ষার্থী সকলক আকৃষ্ট হােৱাকৈ এক সাৱলীল ভাষণ প্রদান কৰে। সন্মানীয় অতিথি ৰূপে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্রধান সম্পাদক বাবুল বৰাই শিক্ষার্থী সকলক উদ্দেশ্য কৰি এক বহুমূলীয়া ভাষণ প্রদান কৰে।

বক্তৃতানুষ্ঠানটিত কমাৰগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহেন শইকীয়া, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ গৱেষণা পৰিষদৰ সদস্য শােভন চন্দ্র শইকীয়া, মনােজ দেওৰজা, ৰন্টু খনিকৰ, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্রকাশন উপ-সমিতিৰ সভাপতি যুগল বৰাগোঁহাই শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ পৰিকল্পনা আৰু যােগাযােগ সমিতিৰ সম্পাদক প্রদীপ হাজৰিকা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্রীয় সেৱা বাহিনীৰ উপ-মুখ্য অধিনায়ক সঞ্জীৱ বৰা, সাহিত্য উ-সচিব শ্ৰীমন্ত হাজৰিকা, বােকাখাত জিলা শাখাৰ সভাপতি যােগেশ লয়িং, সম্পাদক দ্বীজেন্দ্র নাথ ৰাজখােৱা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনৰ সভাপতি ধর্মেশ্বৰ হাজৰিকা, সাধাৰণ সম্পাদক চন্দ্র কান্ত ভূঞা, বােকাখাত জিলা শাখাৰ সেৱা বাহিনীৰ জিলাধিনায়ক চন্দন বৰাকে প্রমূখ্য কৰি বহুগণ্যমাণ্য ব্যক্তি উপস্থিত থাকে ।

সহস্রাধিকৰ উপস্থিতিত আয়ােজিত অনুষ্ঠানটিত শিশুশিল্পী বর্ষাগ্নী ডেকাই জ্যোতি সংগীত পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ শলাগৰ শৰাই আগবঢ়াই কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ গায়ত্ৰী বৰা কাকতিয়ে।












