ASSAM TIMES POST
নগাঁও: অসমীয়া বোলছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীক আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ বিশেষ সন্মান প্ৰদান কৰা হয়।
মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে মহাবিদ্যালয় পৰিয়ালৰ হৈ বৰেণ্য শিল্পী গৰাকীক গামোচা, শৰাই, হীৰক জয়ন্তী স্মাৰক, মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত গ্ৰন্থৰ টোপোলা আদিৰে এই সন্মান জ্ঞাপন কৰে।
আনহাতে বৰেণ্য অভিনেতা গৰাকীৰ আগমনে মহাবিদ্যালয়খনৰ চৌহদত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে। হীৰক জয়ন্তী সন্মান গ্ৰহণ কৰি চিৰসেউজ অভিনেতা গৰাকীয়ে কয় যে, এই ঐতিহ্যমণ্ডিত ধুনীয়া মহাবিদ্যালয়খনৰ পৰিৱেশে মোক পুনৰ যৌৱন কাললৈ লৈ গ’ল । মোক এইখন মহাবিদ্যালয়ে এনে সন্মান প্ৰদান কৰাৰ বাবে মই অভিভূত হৈছো।
আনহাতে ছাত্র-ছাত্ৰী সকলক উদ্দেশ্যি বৰ্ষীয়ান অভিনেতা গৰাকীয়ে কয় যে শৈশৱত মোৰ মনলৈ অহা দৃঢ়তা আৰু জেদৰ বাবে আজি মই অভিনেতা হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰিছো। শৈশৱত মোৰ জীৱনৰ প্ৰথমখন নাটক লাচিত বৰফুকনত অভিনেতা হিচাপে মই বিফল হৈছিলোঁ । কিন্তু সেই বিফলতাই মোৰ জীৱনৰ গতি নিৰ্ধাৰণ কৰিলে । সেয়ে ছাত্র-ছাত্ৰী সকলে প্ৰতিটো কাম অতি নিষ্ঠা, দৃঢ়তা আৰু সফল হমেই বুলি কৰিব লাগে । অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে।













