ASSAM TIMES POST
নগাঁও: অসমৰ থলুৱা লোকবাদ্য ঢোলৰ ওজা ডিব্ৰুগড়ৰ তুলসী নেওগ ওজালৈ শিল্পী সমাজ অসমে আগবঢ়াইছে ‘শিল্প ৰত্ন অসম বঁটা’। আনহাতে শিল্পী সমাজ অসমৰ প্ৰতিষ্ঠাপক সভাপতি শিল্পী গুণ মহন্তৰ সোঁৱৰণত বিশিষ্ট অনাতাঁৰ শিল্পী, নাট পৰিচালক নীলু চক্ৰৱৰ্তীলৈ আগবঢ়োৱা হৈছে ‘গুণ মহন্ত সোঁৱৰণী বঁটা’।
আজি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত শিল্পী সমাজ অসমৰ সভাপতি, বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে শিল্পী সমাজ অসমে প্ৰথম বাৰৰ বাবে আগবঢ়োৱা এই বঁটা দুটিৰ বিষয়ে সদৰি কৰে । নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শিল্পী সমাজ অসমে আয়োজন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিনৰ কাৰ্যসূচীত ১০ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজাত উল্লেখিত শিল্পী দুগৰাকীক এই বঁটা দুটি প্ৰদান কৰা হব।
সভাপতি গোস্বামীয়ে সংবাদমেলত ঘোষণা কৰা মতে ‘শিল্পৰত্ন অসম বঁটা’ত মানপত্ৰ,অংগ বস্ত্ৰ আদি উপহাৰ লগতে বৰ্ষীয়ান শিল্পীগৰাকীলৈ নগদ ধন কুৰি হেজাৰ টকা আগবঢ়োৱা হব।আনহাতে ‘গুণ মহন্ত সোঁৱৰণী বঁটা’ত অন্যান্য উপহাৰ সামগ্রীৰ লগতে নগদ ধন ১৫ হেজাৰ টকা আগবঢ়োৱা হব । এই বঁটা দুটিৰ দাতা হৈছে ক্রমে দিলীপ বৰা আৰু অশোক শৰ্মা খাউণ্ড ।
উল্লেখ্য, ডিব্ৰুগড় ৰাজগড় নিবাসী তুলসী নেওগ ওজাই যাদুকৰী হাতেৰে ঢোল বাদন কৰি ৰাইজৰ মন জয় কৰি আহিছে। আশীৰ উৰ্দ্ধৰ এইগৰাকী বৰ্ষীয়ান শিল্পী ভাৰতবর্ষৰ ভূতপূর্ব ৰাষ্ট্রপতি নীলম সঞ্জীৱ ৰেড্ডিৰ দ্বাৰাও প্ৰশংসিত হৈছিল । আনহাতে ৮২ বছৰীয়া শিল্পী নীলু চক্ৰৱৰ্তী এসময়ত আকাশবাণী গুৱাহাটী কেন্দ্রৰ এগৰাকী জনপ্রিয় নাট্যশিল্পী হিচাপে সমগ্র অসমবাসীৰ পৰিচিত।ইপিনে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উপলক্ষে শিল্পী সমাজ অসমে নেহৰুবালিত তিনিদিনীয়াকৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছে ।













