ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ যোৱা জুন মাহত গোলাঘাট প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যোৱা গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱ মৰ্মে ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত সৰুপথাৰত অহা ৭, ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগীয়া গোলাঘাট জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ ক্ষীপ্ৰগতিত আগবাঢ়িছে প্ৰস্তুতি।
লগতে আগবাঢ়িছে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৮ ছেপ্টেম্বৰৰ দিনা উন্মোচন হ’ব লগীয়া কমলাক্ষী দত্ত আৰু অজন্তা তালুকদাৰৰ সম্পাদনাৰ গোলাঘাট জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘কাব্যৰাগ’ ৰ ছপাৰ প্ৰস্তুতি। সেইগতিকে সদৌ অসম কবি সন্মিলনৰ সাংবিধানিক বিধিনুসৰি জিলা অধিবেশনৰ প্ৰাক মুহূৰ্তত অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া বোকাখাত মহকুমা কবি সন্মিলন শাখাটোৰ প্ৰথমখনি দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।
এই অধিবেশনতে ১ ছেপ্টেম্বৰত এখনি কবি সন্মিলনৰ আহ্বান কৰা হৈছে আৰু উক্ত কবি সন্মিলনতে উন্মোচন কৰা হ’ব অজন্তা তালুকদাৰৰ সম্পাদনাৰ বোকাখাত মহকুমা কবি সন্মিলনৰ মুখপত্ৰ ‘বাটচ’ৰা’ৰ। উল্লেখ্য যে অহা ২৯, ৩০ ছেপ্তেম্বৰ আৰু ১,২ অক্টোবৰত তেজপুৰত অনুষ্ঠিত হ’ব সদৌ অসম কবি সন্মিলনৰ চাৰিদিনীয়া কেন্দ্ৰীয় পূৰ্ণাংগ অধিবেশন। ইতিমধ্যে কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতিও তুংগত আছে বুলি জানিব পৰা গৈছে। আনহাতে তেজপুৰত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰীয় অধিবেশনলৈ জিলা আৰু শাখা সমূহৰ পৰা যাব লগা প্ৰতিনিধি সকলৰ মাজত উৎসুকতা বৃদ্ধিৰ লগতে কবি পৰিয়ালৰ সদস্য সকলক ইজনে সিজনক লগ পাবলৈ ব্যাকুল হৈ পৰা পৰিলক্ষিত হৈছে৷












