ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু বোকাখাত পুৱতি সাহিত্য সভাৰ সহযোগত যোৱা ২৬ আগষ্ট তাৰিখে এক সম্বৰ্ধনা আৰু অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে সঞ্চালনা কৰা সভাত পুৱতিৰ সম্পাদক গীতাঞ্জলী কলিতাই উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষন প্ৰদান কৰে।
পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত সভাত বিশিষ্ট অতিথিসকলৰ আসন গ্ৰহণৰ পাছতে অন্তৰঙ্গ আলাপ শিতানৰ আঁত ধৰি জ্যেষ্ঠ সাংবাদিক তথা অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক বুবুল দত্তই এটি স্ব-ৰচিত কবিতা পাঠ কৰাৰ লগতে এই শতিকাৰ ৭০ ৰ দশকত কিতাপ আৰু শতিকাৰ শেষৰফালে পানীৰ উৎস নোহোৱা হব বুলি উদ্বেগ প্ৰকাশ কৰে আৰু ইয়াৰ বাবে সজাগতা সৃষ্টিৰ কৰি প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰৰ সাহিত্য সভা আৰু শিক্ষক সমাজে গুৰু দায়িত্ব পালন কৰিব লাগিব বুলি উল্লেখ কৰে।
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, খণ্ড সমল ব্যক্তি প্ৰদীপ শৰ্মা, মিনতি দলে আদিৰ উপস্থিতিত বোকাখাত মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি, অখিল ভাৰতীয় শিক্ষক সংঘৰ কাৰ্যকৰী সম্পাদক আৰু এডুকেচনেল ইণ্টাৰনেচনেলৰ ভাৰতীয় সদস্য বোকাখাতৰ সন্তান জীৱন চন্দ্ৰ বৰাক পুৱতি সাহিত্য সভা, বোকাখাত মহকুমা শিক্ষক সন্মিলনী, অগপ বোকাখাত জিলা সমিতি, অসম গোৰ্খা সন্মিলন, নেপালী সাহিত্য পৰিষদ, বোকাখাত প্ৰেছ ক্লাব, আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত সভাতে ৰাজ্যিক শিক্ষক সন্মিলনীৰ সহকাৰী












