ASSAM TIMES POST
গোলাঘাটঃ চুতীয়া উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ জীতেন শইকীয়াই যোৱা ২৭ আগষ্টত গুৱাহাটী হেঙ্গেৰাবাৰীস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত সদস্যভৰ্তিৰ যোগদানৰ এক বিশেষ সভাত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ সভাত উপস্থিত থকা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে অধ্যক্ষ শইকীয়াক দললৈ আদৰণি জনায়৷
উল্লেখ্য যে শইকীয়া চুতীয়া উন্নয়ন পৰিষদৰ বৰ্তমানে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও গোলাঘাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদৰ, অসম প্ৰদেশ কংগ্ৰেছৰ অ’বিচি বিভাগৰ সমন্বয়ক, গোলাঘাট জিলা মাৰ্কেটিং ব’ৰ্ডৰ উপাধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল৷
এই যোগদান কাৰ্যসূচীত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগাঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ শৰ্মা, ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিজয় গুপ্তা, প্ৰদীপ ঠাকুৰীয়া আদি উপস্থিত থাকে৷












