ASSAM TIMES POST
গোলাঘাটঃ ভাৰত চৰকাৰৰ সঙ্গীত নাটক অকাডেমী ৰত্ন বটা প্ৰাপক, নৃত্যাচাৰ্য যতীন গোস্বামীক সম্বৰ্ধনা জ্ঞাপনৰ বাবে শুকুৰবাৰে গোলাঘাটত ৰাজহুৱা সম্বৰ্ধনা সভাৰ আয়োজন কৰা হৈছে৷
এমেচাৰ থিয়েটাৰ হলত বিয়লি ৩.৩০ বজাত গোলাঘাট শাখা সাহিত্য সভা আৰু গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ যৌথ উদ্যোগত আয়োজন কৰা এই সম্বৰ্ধনা অনুস্থানত বিনিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট নাট্যকাৰ, অভিনেতা হৰি প্ৰসাদ বৰঠাকুৰে।
গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱা, সম্পাদক সুনীল কুমাৰ ৰাজগুৰু আৰু গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সভাপতি ডাঃ মানস ৰয় আৰু প্ৰশাসনীয় সম্পাদক দীপমনি খাটনীয়াৰে এই অনুস্থানত সকলোৰে উপস্থিতি কামনা কৰিছে৷












