ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ আগন্তুক ৩১ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্রকাশ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে যোৱা ২৯ আগষ্ট তাৰিখে বোকাখাত মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত আৰক্ষী, গাওঁৰক্ষী বাহিনী তথা গাওঁবুঢ়াসকল উপস্থিত থাকে। মহকুমাধিপতি বিবেক শ্যামে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ সময়ছােৱাত মহকুমাটোত যাতে শান্তি-শৃঙ্খলা বর্তি থাকে তথা কোনোধৰণৰ যাতে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ উপস্থিত সকলােকে নির্দেশ দিয়ে।
সভাত বােকাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া খনিন্দ্র দাসে এন আৰ চিৰ চূড়ান্ত তালিকা সম্পর্কে বিতংকৈ ব্যাখ্যা কৰি কোনাে ব্যক্তিৰ নাম চূড়ান্ত তালিকা প্রকাশ নাপালে ভীতিগ্রস্ত নহ’বলৈ লগতে কিবা শংকা থাকিলে এন আৰ চি কৰ্তৃপক্ষৰ লগত যােগাযােগ কৰিবলৈ আহ্বান জানায়।
সভাত বোকাখাত মহকুমা আৰক্ষী বিষয়া ডাঃ কল্যাণ কুমাৰ দাসে গাওঁৰক্ষী বাহিনীসমূহক উক্ত সময়ছােৱাত সজাগ হৈ থকাৰ লগতে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আহ্বান জানায়।
ইয়াৰ উপৰিও মহকুমাটোৰ যিকোনো স্থানত কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে আৰক্ষী প্রশাসনৰ লগত যােগাযােগ কৰিবলৈ নির্দেশনা দিয়ে। আজিৰ সভাত বোকাখাত মহকুমাৰ সহকাৰী আযুক্তদ্বয় শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, চক্ৰ বিষয়া( সংলগ্ন) শাগুফতা আনজোম সোহেলী উপস্থিত থাকে।












